মধ্যপ্ৰাচ্যত অব্যাহত সংঘাতৰ প্ৰভাৱত বিশ্বজুৰি ইন্ধন যোগান ব্যৱস্থাত অনিশ্চয়তা দেখা দিয়াৰ মাজতে ভাৰততো তাৰ প্ৰভাৱ স্পষ্ট হৈছে। এই পৰিপ্ৰেক্ষিতত দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।
এক মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কিলোগ্ৰামৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য একেলগে ৯৯৩ টকা বৃদ্ধি কৰা হৈছে। অৱশ্যে পেট্ৰ’ল, ডিজেল আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত ৰাখি সাধাৰণ গ্ৰাহকক কিছু সকাহ প্ৰদান কৰা হৈছে।
তথ্য অনুসৰি এই বৃদ্ধি প্ৰযোজ্য হোৱাৰ পাছত দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩০৭১.৫০ টকালৈ বৃদ্ধি পাইছে। ঘৰুৱা ব্যৱহাৰৰ গেছ চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন কৰা হোৱা নাই বুলি নিশ্চিত কৰিছে সূত্ৰই।
উল্লেখযোগ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা আমেৰিকা-ইজৰাইল-ইৰাণ সংঘাতৰ পিছত এইটো হৈছে তৃতীয়বাৰৰ মূল্যবৃদ্ধি। ইয়াৰ পূৰ্বে এক মাৰ্চত ১৪৪ টকা আৰু এক এপ্ৰিলত ১৯৫.৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল। কিন্তু এমাহৰ ভিতৰত ৯৯৩ টকাৰ এই বৃহৎ বৃদ্ধিয়ে ব্যৱসায়ী মহলত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে।
ইণ্ডিয়ান অইল কৰ্পোৰেচন(Indian Oil Corporation)এক আনুষ্ঠানিক বিবৃতিত জনাইছে যে পেট্ৰ’ল, ডিজেল আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত ৰখা হৈছে। সংস্থাটোৱে উল্লেখ কৰে যে দেশত ব্যৱহৃত প্ৰায় ৮০ শতাংশ পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যত কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
ইফালে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এক মে’ৰ পৰা ডিজেল আৰু বিমান টাৰ্বাইন ইন্ধন (ATF)-ৰ ৰপ্তানি শুল্ক পুনৰ নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰিছে। নতুন ব্যৱস্থাৰ অধীনত ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ২৩ টকা আৰু ATF-ৰ ওপৰত প্ৰতি লিটাৰত ৩৩ টকা শুল্ক আৰোপ কৰা হৈছে। পেট্ৰ’লৰ ৰপ্তানি শুল্ক অৱশ্যে শূন্যই ৰখা হৈছে।
উল্লেখযোগ্য যে বিশেষ অতিৰিক্ত আবকাৰী শুল্ক (SAED) হৈছে চৰকাৰে নিৰ্বাচিত পেট্ৰলিয়াম সামগ্ৰীৰ ওপৰত আৰোপ কৰা এক নমনীয় কৰ ব্যৱস্থা, যি বিশ্ববজাৰৰ মূল্যৰ লগত সামঞ্জস্য ৰাখি সময় সময়ে সংশোধন কৰা হয়।
আনহাতে, ইণ্ডিয়ান অইল কৰ্পোৰেচন জনাইছে যে ঘৰুৱা বিমান সংস্থাসমূহৰ বাবে ATF-ৰ মূল্য অপৰিৱৰ্তিত ৰখা হৈছে, যাতে বিমান পৰিচালনা খণ্ড আৰু যাত্ৰীসকলক বিশ্বব্যাপী মূল্যবৃদ্ধিৰ প্ৰভাৱৰ পৰা কিছু পৰিমাণে সুৰক্ষা প্ৰদান কৰিব পৰা যায়। যদিও আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাসমূহৰ ক্ষেত্ৰত মূল্য বৃদ্ধি কৰা হৈছে।






























