Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা বিগত সময়ত চুৰি হোৱা ৫৩ টা ম’বাইল আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ম’বাইল চুৰিৰ সন্দৰ্ভত ম’বাইলৰ গৰাকীয়ে দিয়া আৰক্ষীয়ে অভিযোগৰ ভিত্তিত আৰক্ষীযে অভিযান চলাই এই সফলতা লাভকৰে।
নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে এই ম’বাইলৰ গৰাকীসকলক নগাঁও সদৰ থানালৈ মাতি আনি ম’বাইলসমূহ গতাই দিয়ে। নিজৰ চুৰি হোৱা ম’বাইল ঘূৰাই পাই ম’বাইলৰ গৰাকীসকল উৎফুল্লিত হৈ পৰা দেখা যায়। চুৰি ম’বাইল উদ্ধাৰ কৰাৰ ক্ষেত্ৰত নগাঁৱৰ আৰক্ষীয়ে লোৱা তৎপৰতাক এই ম’বাইলৰ গৰাকীসকলে ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কবে। উল্লেখ্য যে নগাঁৱত প্রায়ে ম’বাইল চুৰিৰ ঘটনা সংঘটিত হৈ থাকে।































