এটি চাৰি বছৰীয়া কন্যা শিশুক দুৰ্বৃত্তই ধৰ্ষণ কৰি পাছত হত্যা কৰা ঘটনাক লৈ আজি উত্তাল হৈ পৰে চিৰাঙৰ চিদলী অঞ্চল । চিদলী থানাৰ পৰা মাত্ৰ এশ মিটাৰ দুৰত্বত শিশুটিৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয় । পিতৃহীনা শিশুটিয়ে দৰিদ্ৰ আইতাকৰ সৈতে বাস কৰিছিল । ঘৰে ঘৰে ভিক্ষা কৰি অথবা দিন হাজিৰা কৰি প্ৰৱৰ্তোৱা আইতাক ঘৰত নথকাৰ সময়ত কালি শিশুটি ৰহস্যজনকভাৱে সন্ধানহীন হয়। সন্ধিয়া আইতাক ঘৰত আহি শিশুটিক বিছাৰি নাপায় আৰক্ষীৰ দ্বাৰস্হ হয় । আজি পুৱা ভুক্তভোগীৰ উলংগ মৃতদেহ চিদলী আৰক্ষী থানাৰ পৰা মাত্ৰ এশ মিটাৰ নিলগৰ বক্ৰ নৈৰ পাৰত উদ্ধাৰ হয় । মৃতদেহৰ কিছু দূৰত ভুক্তভোগীৰ কাপোৰ আৰু ধৰ্ষণকাৰীৰ এটা হাফপেণ্ট উদ্ধাৰ হয় । পাছত দণ্ডাধীশসহ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোক লৈ অঞ্চলটোৰ ৰাইজ শোকত ভাগি পৰিছে । আনহাতে, শিশুটিৰ মৃতদেহ উদ্ধাৰৰ পাছতে চিদলী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ -ছাত্ৰীয়ে সমদল উলিয়াই আহি আৰক্ষীৰ থানাৰ সন্মুখত ধৰ্ণা দিয়ে।
চিদলীত চাৰি বছৰীয়া শিশুক ধৰ্ষণ -হত্যা : ধৰ্ণা
-
By admin

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026