Narendra Modi:✒️পশ্চিমবংগৰ কাষৰীয়া ৰাজ্য ছিক্কিমলৈ গৈ কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলি দৃষ্টি আকৰ্ষণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে। সেই মুহূৰ্তৰ ছবি নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰো কৰে তেওঁ।
পশ্চিমবংগত দ্বিতীয় দফাৰ ভোটগ্ৰহণৰ ঠিক আগদিনাই এই ছবি প্ৰকাশ পোৱাত ৰাজনৈতিক মহলত আৰম্ভ হৈছে বিভিন্ন চৰ্চা।
ছিকিম ৰাজ্য গঠনক লৈ চলি থকা সুবৰ্ণ জয়ন্তী উদযাপনৰ সমাপ্তি অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাজ্যখনলৈ গৈছিল প্ৰধানমন্ত্ৰীগৰাকী। মঙলবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত তেওঁ ৰাজ্যখনৰ বাবে প্ৰায় চাৰি হেজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ ঘোষণাও কৰিব বুলি জানিব পৰা গৈছে।
এই ব্যস্ততাৰ মাজতেই গেংটকৰ এখন খেলপথাৰত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলি সময় কটালে প্ৰধানমন্ত্ৰী গৰাকীয়ে। ছবিখনৰ স’তে তেওঁ লিখে—“গ্যাংটকৰ মনোৰম পুৱাত মোৰ সৰু সৰু বন্ধুসকলৰ স’তে ফুটবল খেলাৰ আনন্দৰ স’তে আন একো তুলনা নহয়।”
প্ৰধানমন্ত্ৰীৰ এই পোষ্টত পশ্চিম বংগ(West Bengal)ৰ বিষয়ে কোনো প্ৰত্যক্ষ উল্লেখ নাথাকিলেও, বুধবাৰে ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
সাতখন জিলাৰ ১৪২খন আসনত ভোটগ্ৰহণ হ’ব, আৰু সোমবাৰে সন্ধিয়া ছয় বজাৰ পৰা আৰম্ভ হৈছে ‘ছাইলেন্স পিৰিয়ড’। এই পৰিপ্ৰেক্ষিতত, বহুতেই অনুমান কৰিছে যে ফুটবল খেলাৰ এই ছবি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে পৰোক্ষে বঙালীৰ ফুটবলপ্ৰেমক স্পৰ্শ কৰাৰ চেষ্টা কৰিছে।
উল্লেখযোগ্য যে, পশ্চিমবংগ দেশৰ অন্যতম ফুটবলপ্ৰেমী ৰাজ্য হিচাপে পৰিচিত। কলকাতাক বহু সময়ত ভাৰতীয় ফুটবলৰ ‘কেন্দ্ৰ’ বুলিও কোৱা হয়। ফুটবলৰ স’তে বঙালী সমাজৰ গভীৰ আবেগ জড়িত।
আনহাতে, ছিকিমতো নৱ প্ৰজন্মৰ মাজত ফুটবলৰ প্ৰতি একে ধৰণৰ আগ্ৰহ লক্ষ্য কৰা যায়।
এই পৰিস্থিতিত ছিকিমত ফুটবল খেলি সেই ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ফুটবলপ্ৰেমীসকলৰ স’তে সংযোগ স্থাপন কৰাৰ লগতে বঙালীৰ আবেগৰ স’তে একাত্মতা প্ৰকাশ কৰাৰ এক প্ৰচেষ্টা চলাইছে বুলিও বহুতে মত প্ৰকাশ কৰিছে।






























