এইবাৰ নিউজিলেণ্ডত সন্ত্ৰাসবাদীৰ নাৰকীয়তা।

এইবাৰ নিউজিলেণ্ডত সন্ত্ৰাসবাদীৰ নাষ বাংাা

তুলনামূলভাৱে শান্তিপূৰ্ণ দেশ নিউজিলেণ্ডত এইবাৰ সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ সন্মুখীন হ’ল।  শুকুৰবৰীয়া নামাজৰ সময়ত এজন বন্দুকধাৰীয়ে দুটা মছজিদত কৰা ধাৰাষাৰ গুলিবৰ্ষণত 49 জন লোকে প্ৰাণ হেৰুৱাব লগতে আন 20 জনৰো অধিক আহত হয় । এই নাৰকীয় ঘটনা সংঘটিত হয় দেশখনৰ খ্ৰীইষ্টচাৰ্চ মহানগৰৰ অল নুৰ আৰু লিনউড মছজিদত। আক্ৰমণটোত সৌভাগ্যবশত:হে প্ৰাণ ৰক্ষা পৰে বাংলাদেশৰ ক্ৰিকেট দলৰ। সম্প্ৰতি নিউজিলেণ্ড ভ্ৰমণত থকা দলটো নামাজৰ উদ্দেশ্যে উক্ত মছজিদ দুটাৰ এটালৈ ৰাওনা হৈছিল । দলটো মছজিদত উপস্থিত হোৱাৰ পূৰ্বে বন্দুকধাৰীজনে ঘৃণনীয় কাণ্ডটো সংঘটিত কৰে। নিৰাপত্তাৰক্ষীয়ে বন্দুকধাৰীজনক লগে লগে কৰায়ত্ত কৰে। বন্দুকধাৰীজন অষ্টেলিয়াৰ নাগৰিক বুলি নিশ্চিত কৰা হৈছে । 28 বছৰীয়া এই সন্ত্ৰাসবাদীজনক সোঁপন্থী আৰু হিংসুক বুলি আখ্যা দিছে । গুলিবৰ্ষণ কৰি থকা সময়ত তেওঁ সমগ্ৰ দৃশ্য ফেচবুকত লাইভ কৰে। গতিকে এই ভয়াবহ আক্ৰমণ তেওঁ শীতল মগজুৰে কৰাটো নিশ্চিত হৈছে । সন্ত্ৰাসবাদীজনে ফেচবুক লাইভত ‘ইস্তাহাৰ ‘ প্ৰকাশ কৰে। এই ইস্তাহাৰত নৰমেধটোক ‘শ্বেতাংগৰ গণহত্যা ‘ বুলি উল্লেখ কৰিছে ।

Exit mobile version