নিৰ্ব্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা গুজৰাটত শাড়ীৰ বজাৰত ৰাজনৈতিক নেতাৰ ছবি প্ৰিণ্ট কৰা শাড়ীৰ বিশেষ জনপ্ৰিয়তা প্ৰত্যক্ষ হৈছে । কিছুদিন পূৰ্বে ছুৰটৰ শাড়ীৰ বজাৰত ছাৰ্জিকেল ষ্টাইক, পুলৱামা কাণ্ড আৰু ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন ৱৰ্তমানৰ ছবি প্ৰিণ্ট কৰা শাড়ী জনপ্ৰিয় হৈছিল । এইবাৰ গুজৰাটৰ এই শাড়ীৰ বজাৰত বিজেপি আৰু কংগ্ৰেছ দলৰে শীৰ্ষ নেতা ফটো সম্বলিত শাড়ীৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে । ছুৰটৰ ব্যৱসায়ীয়ে প্ৰকাশ কৰাৰ মতে, ‘নমো'(নৰেন্দ্ৰ মোদী) প্ৰিণ্টেড শাড়ী সবাতোকৈ অধিক বিক্ৰী হৈছে । দেশৰ বিভিন্ন অঞ্চলৰ পৰা ৰাজনৈতিক নেতাই নিজ দলৰ মুৰব্বীৰ ফটো সম্বলিত শাড়ী বিছাৰি এতিয়া ছুৰটত ভিৰ কৰিছে । ‘নমো’ প্ৰিণ্টৰ লগতে ৰাজ্যখনৰ শাড়ী বজাৰত এতিয়া যোগী(যোগী আদিত্যনাথ) প্ৰিণ্টৰ শাড়ী অধিক প্ৰচলিত হৈছে ।শেহতীয়াভাৱে ছুৰটৰ ব্যৱসায়ীয়ে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ ফটো সম্বলিত শাড়ীও তৈয়াৰ কৰিছে।
নিৰ্ব্বাচনৰ বতৰত শাড়ীৰ বজাৰত জনপ্ৰিয় নমো-যোগী প্ৰিণ্টৰ শাড়ী
-
By admin

- Categories: News, Politics
- Tags: Loksabha ElectionNarendra ModiPriyanka Gandhi
Related Content
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
By
publisher
April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
By
publisher
April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
By
publisher
April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ !
By
publisher
April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
By
publisher
April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
By
publisher
April 23, 2026