প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰানসীত এক অভিনৱ ৰেলী অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে কংগ্ৰেছে । প্ৰধানমন্ত্ৰী সংসদীয় সমষ্টিত কংগ্ৰেছৰ সদ্য নিযুক্ত সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে এক নৌকাযাত্ৰাত অংশ লব। এই নৌকাযাত্ৰাৰ জৰিয়তে প্ৰিয়ংকাই আগন্তুক লোকসভা নিৰ্ব্বাচনৰ বাবে কংগ্ৰেছৰ হৈ ভোটদাতাৰ সতে প্ৰত্যক্ষ যোগাযোগ স্হাপন কৰি দলৰ প্ৰচাৰ চলাব । প্ৰকাশিত বাতৰি অনুসৰি প্ৰিয়ংকাই অহা 18 ৰ পৰা 20 মাৰ্চলৈ বাৰানসীত থাকিব আৰু 18 মাৰ্চত তেওঁ প্ৰয়াগৰাজত হ’ব আৰু ইয়াৰ পৰাই তেওঁ বাৰানসীলৈ নৌকাযাত্ৰা কৰিব । প্ৰিয়ংকাৰ বহু পৰিকল্পিত নৌকাযাত্ৰাৰ বাবে অনুমতি বিছাৰি কংগ্ৰেছে ইতিমধ্যে নিৰ্ব্বাচন আয়োগৰ দ্বাৰস্হ হৈছে । তিনিদিনীয়া ভ্ৰমণকালত প্ৰিয়ংকাই একাধিক নিৰ্ব্বাচনী সভাত ল’ব বুলি আজি দলৰ সূত্ৰই প্ৰকাশ কৰে। এই নৌকাযাত্ৰাৰ জৰিয়তে প্ৰিয়ংকাই মোদী চৰকাৰে বিগত পাঁচ বছৰত গংগা পৰিস্কৰণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যৰ্থতাক দাঙি ধৰাৰ চেষ্টা চলোৱাৰ লগতে নৈপৰীয়া ৰাইজৰ বেদনাৰ বজ ল’ব।
মোদীৰ বাৰানসীত কংগ্ৰেছৰ প্ৰিয়ংকাই চলাব নাও
-
By admin

- Categories: News, Politics
- Tags: Loksabha ElectionPriyanka Gandhi
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026