বিৰল ৰোগত আক্ৰান্ত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক ডুবাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বিগত কিছুদিন ধৰি পাকিস্তানৰ প্ৰাক্তন সামৰিক শাসকগৰাকী অসুস্থ হৈ আছে । সম্প্ৰতি বিদেশত বসবাস কৰা মুশ্বাৰফে এবাৰ পাকিস্তানলৈ উভতি অহাৰ চেষ্টা চলাইছিল যদিও স্বাস্থ্যজনিত কাৰণত সেয়া সম্ভৱ নহল। যোৱা শনিবাৰে হঠাতে মুশ্বাৰফ গুৰুতৰভাৱে অসুস্থ হয় আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকে প্ৰকাশ কৰা মতে, পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজন এমিলয়ড’ছিছ ৰোগত আক্ৰান্ত হৈছে । যোৱা বছৰৰ অক্টোবৰত মুশ্বাৰফৰ শৰীৰত এই বিৰল ৰোগ চিকিৎসকে ধৰা পেলাইছিল । ইয়াৰ পাছতে তেওঁক লণ্ডনত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । পাছত চিকিৎসালয়ৰ পৰা তেওঁক ঘৰলৈ যোৱা অনুমতি দিয়া হৈছিল ।
গুৰুতৰভাৱে অসুস্থ মুশ্বাৰফ চিকিৎসাধীন
-
By publisher

- Categories: News, world
- Tags: Pervez Musharraf
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026