লোকসভা আগন্তুক নিৰ্ব্বাচনত বাৰানসী সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহবান জনাব কাশ্মীৰৰ ছাজাদ নুৰাবাদী নামৰ ৩০ বছৰ বয়সীয়া মানৱাধিকাৰ কৰ্মী তথা ৰাজনৈতিক কৰ্মী আৰু কাশ্মীৰৰ কুলগামৰ বাসিন্দা এই যুৱকজনে মোদীক বাৰানসীত প্ৰত্যাহবান জনোৱাৰ সিদ্ধান্ত লৈছে । উল্লেখ্য যে ছাজাদে অনন্তনাগত অনুষ্ঠিত হোৱা উপ-নিৰ্ব্বাচনত তদানীন্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছিল । এইবাৰ ছাজাদে মোদীৰ বিৰুদ্ধে থিয় দিয়াৰ সিদ্ধান্ত ল’লে। ‘ মোদীৰ বিৰুদ্ধে যুঁজ দি মই এই বাৰ্তা প্ৰেৰণ কৰিব বিছাৰো যে তেওঁ কাশ্মিৰী আৰু মুছলমানসকলৰ জীৱন কি দৰে ভাৰতত দুৰ্বিসহ কৰি তোলিছে ‘। সম্প্ৰতি ছাজাদে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে যোগাযোগ কৰি বাৰানসীৰ পৰা তেওঁক লোকসভা নিৰ্ব্বাচনত টিকট প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে । ছাজাদে কয় যে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ সৈতে এই সৰ্ন্দভত যোগাযোগ অব্যাহত ৰাখিছে যদিও দলীয় প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হ’লে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোদীৰ বিৰুদ্ধে থিয় দিব।
বাৰানসীত মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব কাশ্মিৰী মানৱাধিকাৰ কৰ্মীয়ে
-
By publisher
- Categories: News, Politics
- Tags: Loksabha ElectionNarendra Modi
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026