সমাগত লোকসভা নিৰ্ব্বাচনৰ বাবে বিজেপিৰ লগত মিত্ৰতা স্হাপন কৰাক লৈ দলৰ কেইবাজনো জেষ্ঠ নেতাই এতিয়াও বিপৰীত মেৰুত অৱস্হান কৰি থকাটোৱে অসম গণ পৰিষদৰ শীৰ্ষনেতৃত্বক চৰম অস্বস্তিকৰ পৰিৱেশৰ মাজলৈ ঠেলি দিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত সেই সকলৰ সমৰ্থন আদায় কৰিবলৈ দিল্লীৰ পৰা উভতি আহিয়েই দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তৎপৰ হয় । দুয়োজন নেতাই ক্ষুন্ন নেতাসকলৰ একাংশৰ লগত আজি ভাগে ভাগে আলোচনাত মিলিত হয় । কিন্তু এনে আলোচনা পৰিৱেশ এই পৰ্যন্ত স্বাভাৱিক কৰিব পৰা নাই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ লগত মিত্ৰতা ছেদ কৰাৰ পাছত পুনৰ মিত্ৰতাক স্হাপন কৰাটোক লৈয়ে জেষ্ঠ ক্ষুন্ন নেতাসকলে আজি বৈঠকত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিদ্বয়ে অসম বিধান সভা ভৱনত থকা দলীয় বিধায়নী কক্ষত প্ৰথম মিলিত হয় বৃন্দাবন গোস্বামীৰ লগত । বিধায়ক তথা দলৰ প্ৰাক্তন সভাপতি গোস্বামীয়ে বিজেপিৰ লগত পুনৰ মিত্ৰতাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আহিছে । গোস্বামীৰ ৰাষ্ট্ৰীয় দলটোৰ লগত অগপই মিত্ৰতা কৰাত আপত্তি নাথাকিলেহেঁতেন যদিহে মাত্ৰ কেইদিনমান পূৰ্বে মিত্ৰতা ভংগ নকৰিলেহেঁন। আজিৰ বৈঠকত গোস্বামীয়ে সেই অসন্তুষ্টি প্ৰকাশ কৰে।
বিজেপিৰ পুনৰ মিত্ৰতাক লৈ ক্ষুন্ন জ্যেষ্ঠ নেতাক সৈমান কৰাৰ চেষ্টা অগপৰ শীৰ্ষ নেতৃত্বৰ
-
By publisher

ADVERTISEMENT
- Categories: News, Politics
- Tags: AgpAGP BJP AllianceAtul Bora
Related Content
কমেও ২৭ জন পৰ্যটকৰ মৃত্যু!
By
publisher
April 22, 2025
প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বক মুক্ত প্ৰত্যাহ্বান, চীনত আৰম্ভ ১০ জি ইন্টাৰনেট
By
publisher
April 22, 2025
কন্যাৰ প্ৰসংগত এই কি ক'লে কাজলে ?
By
publisher
April 22, 2025
সলনি হ'ব জিপিএস নিৰ্ভৰ টোল ব্যৱস্থা!
By
publisher
April 22, 2025
মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,
By
publisher
April 22, 2025
পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ,পৰ্যটকলৈ গুলীচালনা সন্ত্ৰাসবাদীৰ!
By
publisher
April 22, 2025