এতিয়া সকলোতে কেৱল নিৰ্ব্বাচনী বতাহ । নিৰ্ব্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সকলো ৰাজনৈতিক দল তথা নেতাসকল সাজু হৈ উঠিছে নতুন নতুন প্ৰক্ৰিয়াৰে নিৰ্ব্বাচনী প্ৰচাৰ কৰাত । এইক্ষেত্ৰত সাধাৰণ ৰাইজৰ মাজতো দেখিবলৈ পোৱা গৈছে বিশেষ উৎকণ্ঠা । কাৰণ এতিয়া সকলো সাধাৰণ জনতা ব্যস্ত হৈ পৰিছে নৰেন্দ্ৰ মোদী প্ৰিণ্টেড টি শাৰ্ট আৰু শাড়ী ক্ৰয় কৰাত । গুজৰাটত নৰেন্দ্ৰ মোদীৰ প্ৰিণ্টেড শাড়ীৰ বহু জনপ্ৰিয়তাৰ পাছতে এইবাৰ বিশেষ জনপ্ৰিয়তা লাভ কৰিছে নৰেন্দ্ৰ মোদীৰ প্ৰিণ্টেড টি শাৰ্টে। গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ এখন দোকানত উপলব্ধ ‘ আমি আছো ২০১৯’ নামৰ নৰেন্দ্ৰ মোদীৰ প্ৰিণ্টেড টি শাৰ্ট । মাত্ৰ ১৫০ টকাৰ মূল্যৰ এই টি শাৰ্টতোৰ খুবেই জনপ্ৰিয়তা বাঢ়িছে গুৱাহাটী মহানগৰীত। বিক্ৰেতাই ক’লে ,’ কালিৰ পৰা বিক্ৰী খুব ভাল হৈছে , আৰু ৰাতিপুৱাও বহু লোকে ক্ৰয় কৰিছে নৰেন্দ্ৰ মোদীৰ প্ৰিণ্টেড টি শাৰ্ট । ‘শ’ ৰো অধিক টি শাৰ্ট আহিছে বিক্ৰী কৰিবলৈ ।’ আৰু টি শাৰ্ট বিক্ৰী হ’ব বুলি আশাবাদী বিক্ৰেতা। এতিয়া এই দোকানখনত ‘আমি আছো ২০১৯’ টি শাৰ্ট কিনিবলৈ হেতাওপৰা লাগিছে গ্ৰাহকসকলৰ মাজত । সেইদৰে বহু গ্ৰাহকে ক’লে ,’ ভাল লাগিছে , এইবাৰ নিৰ্ব্বাচনী প্ৰচাৰ কিছু ব্যতিক্ৰমী হৈছে ‘। ‘ নিৰ্ব্বাচনী প্ৰচাৰৰ বাবে ‘ আমি আছো ২০১৯’ সচাকৈয়ে এক ভাল প্ৰক্ৰিয়া । সচাকৈয়ে এতিয়া নিৰ্ব্বাচনী প্ৰচাৰত মোদী শাড়ী আৰু টি শাৰ্টে সকলো সাধাৰণ ৰাইজৰ মাজত বিশেষ স্হান দখল কৰিবলৈ সক্ষম হৈছে ।
মোদী শাড়ীৰ পাছতে বজাৰত মোদীৰ টি-শাৰ্ট
-
By admin

- Categories: News, Politics
- Tags: Loksabha ElectionNarendra Modi
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026