আসন্ন লোকসভা নিৰ্ব্বাচনৰ ভোট গ্ৰহণ পূৰ্বে পুনৰ উত্তপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বি টি এ ডি। বি টি এ ডিৰ চিৰাং জিলা সাতদিনৰ ভিতৰত দুৰ্বৃত্তই এটি চাৰিবছৰীয়া শিশুসহ দুজন লোকক হত্যা কৰে। ইয়াৰে এজন যুৱক । যুৱকজনৰ মৃতদেহ আজি জিলাখনৰ চম্পাৱতী বজাৰৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় । দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱা যুৱকজনৰ দুই নম্বৰ গৰুভাষাৰ শালবাৰী গাঁৱৰ বদ্ৰে হাসদাৰ পুত্ৰ মহন হাসদা(৩০) বুলি চিনাক্ত কৰা হৈছে । দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো জংঘলেৰে ঢ়াকি থৈ গৈছে । পাছত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোক পৰিকল্পিত হত্যাকাণ্ড বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । ইয়াৰ পূৰ্বে যোৱা ১৩ মাৰ্চত দুৰ্বৃত্তই ধৰ্ষণ কৰে পাছত এটি চাৰিবছৰীয়া শিশুক হত্যা কৰি চিদলী আৰক্ষী থানাৰ ওচৰতে মৃতদেহ পেলাই থৈ যায় । এই ঘৃণনীয় অপৰাধৰ স’তে জড়িতক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা, চিনাক্ত কৰিবলৈও আৰক্ষী সক্ষম হোৱা নাই ।
নিৰ্ব্বাচনৰ পূৰ্বে পুনৰ উত্তপ্ত হোৱাৰ দিশে বি টি এ ডি!
-
By admin
ADVERTISEMENT
Related Content
নগদ ১৭ কোটি টকা, পাঁচ কোটি সোণ সহ জাম্বিয়া বিমানবন্দৰত গ্ৰেপ্তাৰ ভাৰতীয়!
By
publisher
April 20, 2025
প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত জম্মু-কাশ্মীৰ,
By
publisher
April 20, 2025
'জাট' ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে
By
publisher
April 20, 2025
বৃদ্ধি পাইছে উগ্ৰপন্থীৰ সংখ্যা
By
publisher
April 20, 2025
'মই এনেকুৱা এটা মৃত্যু বিচাৰো যিয়ে বিশ্বক জোকাৰি যাব'
By
publisher
April 20, 2025
পঞ্চায়ত নিৰ্বাচন উপলক্ষে ধেমাজিত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ
By
publisher
April 19, 2025