আসন্ন লোকসভা নিৰ্ব্বাচনৰ ভোট গ্ৰহণ পূৰ্বে পুনৰ উত্তপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বি টি এ ডি। বি টি এ ডিৰ চিৰাং জিলা সাতদিনৰ ভিতৰত দুৰ্বৃত্তই এটি চাৰিবছৰীয়া শিশুসহ দুজন লোকক হত্যা কৰে। ইয়াৰে এজন যুৱক । যুৱকজনৰ মৃতদেহ আজি জিলাখনৰ চম্পাৱতী বজাৰৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় । দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱা যুৱকজনৰ দুই নম্বৰ গৰুভাষাৰ শালবাৰী গাঁৱৰ বদ্ৰে হাসদাৰ পুত্ৰ মহন হাসদা(৩০) বুলি চিনাক্ত কৰা হৈছে । দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো জংঘলেৰে ঢ়াকি থৈ গৈছে । পাছত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোক পৰিকল্পিত হত্যাকাণ্ড বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । ইয়াৰ পূৰ্বে যোৱা ১৩ মাৰ্চত দুৰ্বৃত্তই ধৰ্ষণ কৰে পাছত এটি চাৰিবছৰীয়া শিশুক হত্যা কৰি চিদলী আৰক্ষী থানাৰ ওচৰতে মৃতদেহ পেলাই থৈ যায় । এই ঘৃণনীয় অপৰাধৰ স’তে জড়িতক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা, চিনাক্ত কৰিবলৈও আৰক্ষী সক্ষম হোৱা নাই ।
নিৰ্ব্বাচনৰ পূৰ্বে পুনৰ উত্তপ্ত হোৱাৰ দিশে বি টি এ ডি!
-
By admin
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026