মহানগৰীত গ্ৰেপ্তাৰ চাৰি ডকাইত

1553023065273

 

শনিবাৰে মহানগৰীৰ গড়চুকৰ আহোম গাওঁত সংঘটিত ডকাইতি কাণ্ডৰ লগত জড়িত ৪জন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। গোমছেৰ বসুমতাৰী, গণেশ লামা, শংকৰ কৰ্মকাৰ,জাভেদ খান নামৰ চাৰি ডকাইতক মহানগৰীৰ লখৰা অঞ্চলৰ পৰা এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।একেখিনি স্থানৰ পৰা মহানগৰ আৰক্ষীয়ে ডকাইতৰ দলৰ লগত জড়িত থকাৰ সন্দেহত অংকুৰ জ্যোতি ৰাভা, ৰুণটো বৰ্মণ নামৰ দুই যুৱককো গ্ৰেপ্তাৰ কৰে ।ডকাইটিত লুট কৰা এ এক্স ০১ এ এল৫৮৯৮ নম্বৰৰ বাহনখন ক্ৰয় কৰাৰ অপৰাধত ব।ক্স।ৰ মহন্ত বাৰ্মা নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।ডকাইতৰ দলটোৰ জিম্মাৰ পৰা,দা,কটাৰী,ৰদ, ৰেন্স,চুৰি আদি মৰানস্ত্ৰ কে ধৰি,৭টা মোবাইল,কেইবাটাও দুচকীয়া বাহনৰ চাবি,২তা আঙুঠি উদ্ধাৰ কৰে।আৰক্ষী সূত্রই জনোৱা অনুসৰি ডকাইতৰ দলটো ১৩ জনীয়া আছিল আৰু বৰ্তমান অৱস্থাত ৯ জন পলাতক অৱস্থাত আছে।

Exit mobile version