অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুন আলহী

IMG 20190319 WA0004

চিৰিয়াখানালৈ অনা হ’ল নতুন জীৱ-জন্তু

ক্ৰমান্বয়ে জীৱ-জন্তু হ্ৰাস পাবলৈ ধৰা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ অনা হ’ল বহু নতুন জীৱ-জন্তু । কিছুদিন পূৰ্বে অহা অষ্টিক আৰু হায়েনা পাছতে কানপুৰ চিৰিয়াখানা পৰা এক বিনিময় কাৰ্যসৃচীৰ অধীনত অনা হ’ল আঠটা ঘৰিয়াল, দুটা ইমু, 20টা ককাটেল,দুটা অষ্টিক, দুটা হনুমান বান্দৰ আৰু এটা ময়ূৰ চৰাই। পূৰ্বতে থকা তিনিটা ঘৰিয়াল পৰা বৃদ্ধি পালে 11টালৈ, ইমু বৃদ্ধি পালে তিনিটাৰ পাঁচটালৈ, সেইদৰে পূৰ্বতে অষ্টিক আছিল এটা কিন্তু বৰ্তমান বৃদ্ধি তিনিটালৈ । দীৰ্ঘদিন ধৰি চিৰিয়াখানাত দৰ্শনাৰ্থীয়ে দেখিবলৈ নোপোৱা ময়ূৰ চৰাই আৰু ককাটেল দেখি আনন্দিত হ’ল দৰ্শনাৰ্থীসকল। বহুজনে ক’লে, ‘ পূৰ্বতে চিৰিয়াখানাত কেৱল বান্দৰ আৰু হৰিণাহে বেছিকৈ দেখিবলৈ পাইছিলো । কিন্তু এতিয়া বাঘ, ভালুকৰ লগতে নতুনকৈ অহা ঘৰিয়াল ,ইমু,ককাটেল, অষ্টিক, হনুমান বান্দৰ আৰু দীৰ্ঘদিন ধৰি চিৰিয়াখানাত নথকা ময়ূৰ চৰাই দেখি ভাল লাগিছে ।

Exit mobile version