লোকসভা আগন্তুক নিৰ্ব্বাচনত প্ৰাৰ্থী হিচাপে থিয় নিদিয়ে বহুজন সমাজ পাৰ্টিৰ মুৰব্বী মায়াৱতীয়ে। অন্তিম মূহুৰ্তত গ্ৰহণ কৰা এই সিদ্ধান্ত কথা আজি ঘোষণা কৰি মায়াৱতীয়ে কয় যে দলীয় প্ৰাৰ্থী আৰু আৰু সহযোগী সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী হৈ নিৰ্ব্বাচনী প্ৰচাৰত অংশ লোৱাৰ বাবেই তেওঁ আগন্তুক নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে । লক্ষ্ণৌত আজি অনুষ্ঠিত এক সংবাদমেলত মায়াৱতীয়ে কয় , ‘ বিছাৰিলে মই লোকসভা নিৰ্ব্বাচনত জয়লাভ কৰিব পাৰিম। কিন্তু এই মূহুৰ্তত বিজেপিৰ বিৰুদ্ধে দলৰ অৱস্থান যথেষ্ট শক্তিশালী হোৱা হেতুকে মই নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছোঁ । দলে এই সিদ্ধান্তক সন্মান জনাব বুলি মই নিশ্চিত । অৱশ্যে প্ৰয়োজন হ’লে কোনো সমষ্টি খালী কৰি নিৰ্ব্বাচনত থিয় দিব পাৰো। ‘ মায়াৱতীয়ে কয় যে নিৰ্ব্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিলে সকলোৱে তেওঁৰ সমষ্টিত প্ৰচাৰত ব্যস্ত হ’ব ফলত বাকী সমষ্টিত প্ৰভাৱ পৰিব পাৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিও তেওঁ নিৰ্ব্বাচনত প্ৰাৰ্থী হিচাপে থিয় নিদিয়াৰ সিদ্ধান্ত লোৱা বুলি বহুজন সমাজ পাৰ্টিৰ নেত্ৰীগৰাকীয়ে কয়।
নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে মায়াৱতীয়ে
-
By admin
- Categories: Loksabha Election, News, Politics
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026