নৱ-নিয়োজিত ‘চকীদাৰ’সকলৰ স’তে ভাৱ -বিনিময় কৰিব মোদীয়ে

chowkidar 660 031719122840

অহা ৩১ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ-নিয়োজিত ‘চকীদাৰ’সকলৰ স’তে মত বিনিময় নকৰিব । উক্ত দিনা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ দেশৰে চকীদাৰসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে চলোৱা ‘মেঁ ভী চৌকিদাৰ ‘ আন্দোলনে বৃহৎ সফলতা লাভ কৰিছে বুলি দাবী কৰিছে বিজেপিয়ে । ইতিমধ্যে সমগ্ৰ দেশৰ বিজেপি নেতা -মন্ত্ৰীসকলে টুইটাৰত নিজৰ নামৰ আগত চকীদাৰ বুলি লিখিছে । এই আন্দোলনৰ সফল বুলি দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা জেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে কয় যে ‘ মেঁ ভী চৌকিদাৰ ‘ আন্দোলনে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । মোদীৰ এই আন্দোলনক লৈ টুইটাৰত 20 লক্ষই মন্তব্য কৰিছে আৰু ১৬৮০ কোটিয়ে অভিযানটো চাইছে । ফলস্বৰূপে ই জনতা আন্দোলনত পৰিণত হৈছে বুলি মন্ত্ৰীজনে দাবী কৰে। লক্ষ্যণীয় যে মোদীয়ে ‘মেঁ ভী চৌকিদাৰ ‘ আন্দোলন আৰম্ভ কৰাৰ লগে লগে বিৰোধী দ’ল সমূহো আক্ৰমণাত্মক হৈ উঠিছে । কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে পুনৰ চৌকিদাৰ চৌৰ হ্যায় বুলি মোদীক আক্ৰমণ কৰিছে ।

Exit mobile version