প্ৰচাৰত আগ্ৰাসী ৰূপত বিজেপি-কংগ্ৰেছ

লাখ লাখ দলীয় প্ৰচাৰ সামগ্ৰীৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা প্ৰটিতো দলৰ

টুপীৰ পৰা চুলিত মৰা বেণ্ডলৈ আহিছে দিল্লীৰ পৰা

লোকসভা নিৰ্ব্বাচনৰ আনুষ্ঠানিক দামামা বাজি উঠা পাছৰে পৰা অসমতো ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলৰ মাজত প্ৰচাৰকক লৈ উথপথপ লাগিছে । সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰক বা নকৰক দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিবোৰত ইতিমধ্যে দলবোৰে প্ৰচাৰ অভিযান ক্ৰমে দ্ৰুত কৰি তুলিছে । এই ক্ষেত্ৰত এই পৰ্যন্ত কংগ্ৰেছ আগত আছে । কিয়নো দলটোৱে ইতিমধ্যে 10 সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । যাৰ বাবে প্ৰথম পৰ্যায়ত নিৰ্ব্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিবোৰত প্ৰাৰ্থীৰ নাম আৰু আলোকচিত্ৰ সম্বলিত বেনাৰ- পোষ্টাৰো বাটে-পথে উৰিছে। আজি সন্ধ্যা পৰ্যন্ত বিজেপিয়ে আনুষ্ঠানিকভাবে প্ৰাৰ্থী তালিকা নকৰাত দলটোৰ সম্ভাব্য প্ৰাৰ্থীসকল এই ক্ষেত্ৰত সীমাবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে । তাৰ বিপৰীতে প্ৰায়বোৰ সমষ্টিত বিজেপিৰ দলীয় পতাকা উৰুওৱা, বেনাৰ ওলোমোৱা আদি প্ৰক্ৰিয়া আগবাঢ়িছে। এই দল দুটাৰ তুলনাত প্ৰচাৰৰ দিশত এই পৰ্যন্ত সিমানলৈ উধাব পৰা নাই অগপ , এ আই ইউ ডি এফকে ধৰি আন আন দলবোৰ। ইয়াৰ মাজতে নিৰ্দলীয় ৰূপত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীয়ে নিজৰ আলোকচিত্ৰ সম্বলিত বেনাৰ, ফ্লেক্স আদি সমষ্টিৰ বাটে-পথে ইতিমধ্যে ওলোমাইছে।

Exit mobile version