বিল আদায় নিদিয়াকৈ হোটেলৰ পৰা পলাল অভিনেত্ৰী

বাংগালুৰুৰ এখন বিলাসী হোটেলত বাহৰ পাতি 4•5 টকাৰ বিল আদায় নিদিয়াকৈ হোটেলৰ পৰা পলায়ন কৰিলে অভিনেত্ৰী পূজা গান্ধীয়ে । উত্থাপিত অভিযোগ অনুসৰি পূজাই কিছুদিন ধৰি বাংগালুৰুৰ এখন বিলাসী হোটেলত আছিল আৰু অলপতে তেওঁ হোটেলৰ বিল আদায় নিদিয়াকৈ মনে মনে হোটেলৰ পৰা পলায়ন কৰিছিল । কৰ্ণাটকৰ এইগৰাকী অভিনেত্ৰীয়ে তামিল, মালায়ালম ছবিৰ লগতে বাংলা ছবিতো অভিনয় কৰিছিল । হোটেলৰ কৰ্তৃপক্ষই ইতিমধ্যে পূজাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিছে। উল্লেখ্য যে আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক আটক কৰাত তেওঁ প্ৰথম কৃষ্টিত দুই লাখ টকাৰ আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

Exit mobile version