বৰপেটাৰ কলগাছিয়াত এ আই ইউ ডি এফৰ নিৰ্বাচনী ৰণডংকা

20 03 19 Kolgosia Badruddin Ajmol election campaining rally 3

AIUDF President Badruddin Ajmol attending election campaining meeting at Kolgosia, Barpeta on 20-03-19.pix by ub photos

আমি ত্যাগ কৰিম, কংগ্ৰেছেও ত্যাগ কৰিব লাগিব

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়াত আজি বিয়লি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে নির্বাচনী সভাত অংশ গ্ৰহণ কৰি কয়,” আমি ত্যাগ কৰিম, কংগ্ৰেছেও ত্যাগ কৰিব লাগিব । ” লগতে প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰি উন্নয়নৰ শ্লোগান দি চৰকাৰ গঠন কৰা মোদী চৰকাৰে দেশৰ উন্নয়নক এক হাজাৰ কিলোমিটাৰ তলত নমাই দিছে বুলি সমালোচনা কৰে । তেও কয় যে ৰাহুল গান্ধীয়ে ধৰ্ম নিৰপেক্ষ কংগ্ৰেছ দল গঠনৰ চেষ্টা কৰি থকা সময়ত অসমত ৰাজ্যিক নেতৃত্বই কংগ্ৰেছক মুছলমানৰ দল বনাবলৈ চেষ্টা কৰিছে । সেয়ে কংগ্ৰেছৰ ভুল নীতিৰ ভাৱে অসমত বিজেপি চৰকাৰ আহিছে বুলি কটাক্ষ কৰে I এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত আসন বুজাবুজি কৰি বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হবলৈ প্ৰকাৰন্তৰে আহ্বান জনায় আজমলে ।

Exit mobile version