মাছুদক নিষিদ্ধ কৰিবলৈ এইবাৰ প্ৰস্তাৱ জাৰ্মানীৰ

ফান্সৰ পাছত পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী তথা সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰক নিষিদ্ধ কৰা দাবী উত্থাপন কৰিলে জাৰ্মানীয়ে। মাছুদক আন্তৰ্জাতিক সন্ত্ৰাসবাদী ঘোষণা কৰাৰ বাবে ইউৰোপীয় সংঘ ( ই ইউ)ৰ দ্বাৰস্হ হ’ল জাৰ্মানী। অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈকে এই ক্ষেত্ৰত আনুষ্ঠানিক প্ৰস্তাৱ আগবঢ়োৱা নাই যদিও মাছুদক নিষিদ্ধ কৰাৰ সন্দৰ্ভত ই ইউৰ বাকী 27 খন সদহ্য দেশৰ সৈতে আলোচনাত মিলিত হৈছে জাৰ্মানী। এই আলোচনাত সফল হ’লে ই ইউৰ সদহ্য 28 ৰাষ্ট্ৰত মাছুদৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব আৰু সন্ত্ৰাসবাদীজনৰ সা-সম্পত্তি এইবোৰ দেশত থাকিলে বাজেয়াপ্ত কৰা হ’ব। সন্ত্ৰাসবাদী মাছুদক ই ইউৰ দ্বাৰা নিষিদ্ধ কৰাৰ পদক্ষেপৰ সন্দৰ্ভত ভাৰতস্হ জাৰ্মান দূতাবাসে তথ্য প্ৰকাশ কৰি কয় যে ই ইউৰ সদহ্য ৰাষ্ট্ৰৰ সমৰ্থন লাভ কৰিলে মাছুদৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হ’ব।

#মাছুদ আজাহাৰ #ইউৰোপীয় সংঘ

Exit mobile version