লণ্ডনত জালত পৰিল নীৰৱ মোদী

জামিন আবেদন নাকচ আদালতৰ : 29 মাৰ্চলৈ থাকিব লাগিব কাৰাগাৰত

অৱশেষত লণ্ডনত জালত পৰিল বেংক প্ৰৱঞ্চনাকাৰী নীৰৱ মোদী। ভাৰতে জনোৱা প্ৰত্যৰ্পণৰ আবেদনৰ ভিত্তিত কিছুদিনৰ পূৰ্বে ৱেষ্টমিনিষ্টাৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা প্ৰৱঞ্চকজনক আজি স্কটলেণ্ড য়াৰ্ডে মধ্য লণ্ডনৰ হলবৰ্ণ মেট্ৰ’ ষ্টেছনৰ পৰা গ্ৰেপ্তাৰ কৰে । ইয়াৰ কিছু সময়ৰ পিছতে তেওঁক মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । তেতিয়া তেওঁ পাঁচ লাখ পাউণ্ডৰ বণ্ডৰ বিনিময়ত জামিন বিচাৰে যদিও আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰে। ফলস্বৰূপে তেওঁ অহা 29 মাৰ্চলৈকে কাৰাগাৰত থাকিব লাগিব । আজি আদালতত নীৰৱে 20 হাজাৰ পাউণ্ড অৰ্থাৎ 13 লাখ টকাৰ এক পে’ শ্লেপো প্ৰদৰ্শন কৰে। তৎসত্ত্বেও তেওঁৰ জামিন আবেদন নাকচ হয় । অহা 29 মাৰ্চৰ পৰা তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰিব আদালতে। পঞ্জাৱ নেচনেল বেংকৰ 13 হেজাৰ কোটি টকা লুণ্ঠণ কৰি পলায়ন কৰা নীৰৱৰ বিৰুদ্ধে এনফ’চমেন্ট ডিৰেক্টৰেটে তদন্ত কৰি আছে । সংস্হাটোৰ এই তদন্ত ইংলেণ্ডকে ধৰি কে’বাখনো দেশলৈ প্ৰসাৰিত হৈছে । চি বি আয়েও নীৰৱৰ বিৰুদ্ধে তদন্ত কৰি আছে।

Exit mobile version