প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমন্বিতে বিজেপিয়ে দি অহা কংগ্ৰেছে ৭০ বছৰে কাম নকৰা ধ্বনিৰ ম্যাদ উকলিল বুলি কটাক্ষ কৰে দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই। গংগা নৈৰে আৰম্ভ কৰা তিনি দিনীয়া নৌকা যাত্ৰাত প্ৰিয়ংকাই বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে। কংগ্ৰেছে ৭০ বছৰ একো কাম নকৰা বুলি বিজেপিয়ে যি ধ্বনি দি আহিছে, তাৰ দ্বাৰা অধিক ফল লাভ নকৰে বুলি উল্লেখ কৰি দলৰ পূব উত্তৰ প্ৰদেশৰ সাধাৰণ সম্পাদক প্ৰিয়ংকাই লগতে কয়, ‘ কংগ্ৰেছে ৭০ বছৰ একো কাম নকৰিলে বুলি বিজেপিয়ে বাৰে বাৰে কৈ অহা কথাষাৰ ম্যাদ উকলি গৈছে । ই অধিক ফল নিদিব। উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দীনেশ শৰ্মাই কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক আৰু প্ৰিয়ংকাই নিৰ্ব্বাচনক বনভোজৰ দৰে ব্যৱহাৰ কৰে আৰু নিৰ্ব্বাচনৰ পাছত অদৃশ্য হয় বুলি সমালোচনা কৰে। শৰ্মাই এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰিয়ংকাই কয়,’ বিগত তিনি-চাৰি বছৰ ধৰি মই ইটালীলৈ যোৱা নাই । গতিকে মোৰ আইতাক মই চাবলৈ যোৱা উচিত ।






























