আসন্ন লোকসভা নিৰ্ব্বাচনক কেন্দ্ৰ কৰি অহা ৩০মাৰ্চত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অহা ১১এপ্ৰিলত প্ৰথম পৰ্যায়ত ৰাজ্যত অনুষ্ঠিতব্য লোকসভা নিৰ্ব্বাচনৰ বাবে সিইদিনাই দুখনকৈ নিৰ্ব্বাচনী সভাত প্ৰধানমন্ত্ৰীয়ে নিৰ্ব্বাচনী প্ৰচাৰ চলাব । ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আজি এই কথা অবগত কৰে। প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ কথা অবগত কৰি তেওঁ কয় ,’ প্ৰথম পৰ্যায়ত ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত অহা ১১এপ্ৰিলত নিৰ্ব্বাচন অনুষ্ঠিত হব। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ৩০ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজপুৰ আৰু ডিব্ৰুগড়ত আয়োজন কৰা বিশাল গণসভাত ভোটাৰ ৰাইজক সম্বোধন কৰিব । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিতব্য লোকসভা নিৰ্ব্বাচনৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে অসমলৈ অহাৰ সম্ভৱনা থকা বুলি তেওঁ কয় । প্ৰধানমন্ত্ৰী উপৰি এই সময়ছোৱাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকে প্ৰমুখ্য কৰি কে’বাজনো শীৰ্ষ নেতাই ৰাজ্যত প্ৰচাৰভিযান চলাব বুলি তেওঁ কয়।
৩০মাৰ্চত দুখনকৈ নিৰ্ব্বাচনী সভাত অংশ লব মোদীয়ে
-
By publisher

- Categories: News, Politics
- Tags: AssamLoksabha ElectionNarendra Modi
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026