বিহাৰত মহাজোঁটৰ আসন বণ্টন ২০খনত আৰু জে ডিয়ে-নখনত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা

images 7

বিহাৰৰ মুঠ ৪০টা সমষ্টিৰ ২০টাত ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি) আৰু নটাত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব । এইবাৰ কংগ্ৰেছে আৰ জে ডিৰ স’তে নিৰ্ব্বাচনী মিত্ৰতা কৰিছে । আজি দল দুটাৰ মাজত আসন বণ্টন হয় । এই মহাজোঁটত ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি ( আৰ এছ এল পি) আৰু জিতনৰাম মাঝি নেতৃত্বাধীন এইছ এ এম (এছ)ও আছে । ইয়াৰে আৰ এল এছ পিক পাঁচখন আৰু এইছ এ এম (এছ)ক তিনিখন আসন এৰি দিছে কংগ্ৰেছ আৰু আৰ জে ডিয়ে । অৱশ্যে প্ৰথম অৱস্থাত কংগ্ৰেছে ১১ খন আসন বিচাৰিছিল। আনহাতে পূৰ্বৰ জনতা দল (ইউ) নেতা শ্বাৰদ যাদৱে এইবাৰ আৰ জে ডিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব । এই উদ্দেশ্যে তেওঁ লোকতান্ত্ৰিক জনতা দলক আৰু আৰ জে ডিৰ স’তে চামিল কৰিব বুলি চৰ্চা হৈছে । ইয়াৰ সম্ভৱনা প্ৰকট কৰি আৰ জে ডিৰ বন্তিৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনস্থ কৰিছে ।

Exit mobile version