বিহাৰৰ মুঠ ৪০টা সমষ্টিৰ ২০টাত ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি) আৰু নটাত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব । এইবাৰ কংগ্ৰেছে আৰ জে ডিৰ স’তে নিৰ্ব্বাচনী মিত্ৰতা কৰিছে । আজি দল দুটাৰ মাজত আসন বণ্টন হয় । এই মহাজোঁটত ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি ( আৰ এছ এল পি) আৰু জিতনৰাম মাঝি নেতৃত্বাধীন এইছ এ এম (এছ)ও আছে । ইয়াৰে আৰ এল এছ পিক পাঁচখন আৰু এইছ এ এম (এছ)ক তিনিখন আসন এৰি দিছে কংগ্ৰেছ আৰু আৰ জে ডিয়ে । অৱশ্যে প্ৰথম অৱস্থাত কংগ্ৰেছে ১১ খন আসন বিচাৰিছিল। আনহাতে পূৰ্বৰ জনতা দল (ইউ) নেতা শ্বাৰদ যাদৱে এইবাৰ আৰ জে ডিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব । এই উদ্দেশ্যে তেওঁ লোকতান্ত্ৰিক জনতা দলক আৰু আৰ জে ডিৰ স’তে চামিল কৰিব বুলি চৰ্চা হৈছে । ইয়াৰ সম্ভৱনা প্ৰকট কৰি আৰ জে ডিৰ বন্তিৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনস্থ কৰিছে ।
বিহাৰত মহাজোঁটৰ আসন বণ্টন ২০খনত আৰু জে ডিয়ে-নখনত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা
-
By publisher

- Categories: Loksabha Election, News, Politics
- Tags: Loksabha Election
Related Content
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
By
publisher
April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
By
publisher
April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
By
publisher
April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ !
By
publisher
April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
By
publisher
April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
By
publisher
April 23, 2026