গোৱালপাৰা জিলাৰ আগিয়াৰ এক দম্পতীয়ে দাঙি ধৰা সততাৰ নিদৰ্শন সঁচাকৈয়ে প্ৰশংসনীয় ৷ আগিয়া ৰাজাপাৰা গাওঁ নিবাসী এন কে ছাংমা আৰু এছ পি মাৰাক এহাল সাধাৰণ দম্পতী ৷ তেওঁলোক স্থানীয় গীৰ্জাত ’ফামং’ (পুৰোহিত) হিচাপে কৰ্মৰত ৷ সাধাৰণ হৈও অসাধাৰণ মানসিকতাৰ গৰাকী এই দম্পতী হালৰ অগাধ ধন-সম্পত্তি নাথাকিলেও হৃদয় ভৰি আছে সততা ৷ এই সততাৰ বলতে তেওঁলোক আজি আদৰ্শ হোৱাৰ যোগ্যতা অৰ্জন কৰিছে ৷ সাধুকথা সদৃশ এই ঘটনাৰ সূত্ৰপাত ঘটিছিল আজিৰ পৰা দহ বছৰ পূৰ্বে ৷ তেতিয়া ৰাজাপাৰাৰ এছ,পি,মাৰাক এগৰাকী যুৱতী ৷ এছ,পিৰ এজন ভ্ৰাতৃ আছিল ৷ নাম আছিল ফায়াৰিং ছাংমা ৷ পেশাত এজন ক্ষুদ্ৰ ব্যৱসায়ী ফায়াৰিঙে বিগত ২০০৯ বৰ্ষত কৃষ্ণাইৰ এজন ব্যৱসায়ীৰ পৰা তামোল,গুলমৰিচ আদি সামগ্ৰী যোগান ধৰাৰ বাবদ আগধন হিচাপে নগদ ৮৩ হেজাৰ টকা লৈছিল ৷ ইয়াৰ পিছতে ফায়াৰিঙ সাংমা অন্তৰ্ধান হৈ পৰে ৷ তেওঁ ক’লৈ গ’ল সেই বিষয়ে আজিও অজ্ঞ হৈ ৰ’ল এছ,পি,মাৰাক তথা সমগ্ৰ ৰাজাপাৰা গাওঁবাসী ৷ ইফালে ফায়াৰিঙৰ পৰা সামগ্ৰী নাপাই কৃষ্ণাইৰ ব্যৱসায়ী জনে এদিন গৈ উপস্থিত হ’ল এছ,পিৰ গৃহত ৷ তেওঁ লাজত ম্ৰিয়মান হৈ ব্যৱসায়ীজনৰ ওচৰত ভায়েকৰ হৈ ক্ষমা বিচৰাৰ লগতে ব্যৱসায়ীজনৰ নাম তথা ঠিকনা সংগ্ৰহ কৰি ৰাখে ৷ ইয়াৰ পিছত সুদীৰ্ঘ দহ বছৰৰ নীৰৱতা ৷ ইতিমধ্যে এছ,পি,মাৰাকে সংসাৰ জীৱন আৰম্ভ কৰে ৷ কৃষ্ণাইৰ ব্যৱসায়ী জনেও সেই টকাৰ আশা ত্যাগ কৰি ব্যস্ত হৈ পৰে নিজ ব্যৱসায়ত ৷ পিছে,সুদীৰ্ঘ দহ বছৰৰ অন্তত যোৱা ২০ মাৰ্চত সেই ঘটনাই অন্য এক নতুন ৰূপ ধাৰণ কৰে ৷ ভায়েকৰ কৰ্মত অনুতপ্ত এছ,পি,মাৰাকে স্বামীক লগত লৈ চলিত মাহৰ ২০ তাৰিখে কৃষ্ণাইত আহি উপস্থিত হয় আৰু বিচাৰ খোচাৰ কৰি লগ ধৰে ভায়েকে টকা লৈ যোৱা ব্যৱসায়ীজনক ৷ অতি সহজ সৰল মহিলা গৰাকীয়ে ভায়েকৰ কৃতকৰ্মৰ বাবে কৃষ্ণাইৰ ব্যৱসায়ী জনৰ ওচৰত বাৰে বাৰে ক্ষমা খুজি ব্যৱসায়ী জনৰ হাতত তুলি দিয়ে নগদ দহ হেজাৰ টকা ৷ আৰু প্ৰতিশ্ৰুতি দিয়ে প্ৰতি বছৰে পাঁচ,দহ হেজাৰকৈ দি হ’লেও তেওঁলোকে ওভতাই দিব ভায়েকে প্ৰবঞ্চনাৰে ব্যৱসায়ীজনৰ পৰা লৈ যোৱা সমস্ত ধন ৷ দম্পতীহালৰ এই অতুলনীয় কাৰ্যত নিৰ্বাক নিস্তব্ধ পৰে কৃষ্ণাইৰ ব্যৱসায়ীজন ৷ কৃতজ্ঞতাত তেৱঁৰ দুচকু সেমেকি উঠে ৷ প্ৰবঞ্চনা আৰু স্বাৰ্থপৰতাই গ্ৰাস কৰিবলৈ লোৱা আমাৰ সমাজ খনত এতিয়াও যে সততা আৰু মানৱতা বৰ্তি আছে এছ,পি,মাৰাক আৰু এন,কে,সাংমা তাৰেই উজ্জ্বল নিদৰ্শন ৷
সততাৰ উজ্জ্বল নিদৰ্শনঃভায়েকে প্ৰবঞ্চনাৰে লুটি নিয়া ধন ওভতাই দিলে দম্পতীয়ে
-
By admin

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026