ৰজা ঘৰলৈ আশা নকৰি ৰাইজৰ ধনেৰে পথ মেৰামতি

today
নিৰ্বাচনৰ পুৰ্বে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ৰাইজৰ  মন জয় কৰি ৰজা হোৱা জনপ্ৰতিনিধি সকলে পাহৰি যায়  ৰাইজক দি অহা প্ৰতিশ্ৰুতিৰ কথা। স্থানীয় ৰাইজৰ বহু আবেদন নিবেদনৰ পাছতো চৰকাৰৰ চকুত নপৰা  যোৰহাট লোকসভা সমষ্টিৰ অন্তগৰ্ত টীয়ক বনাই আৰু বামুণপুখুৰী সংযোগী তুলশী যান গড়কাপ্তানী পথৰ আজিও উন্নয়ন নহ’ল। ফলত এজাক বৰষুণতে জীয়াতু ভুগিব লগা হৈছে অঞ্চল বাসীয়ে। জনপ্ৰতিনিধিৰ ওচৰত  আশাহত হৈ  অঞ্চলবাসীয়ে  গাঁঠিৰ ধনেৰে পথ মেৰামতি কাম আৰম্ভ কৰে। এই ক্ষেত্রত ভুমিকা গ্ৰহণ কৰি  অহা টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰীতম জ্যোতি শইকীয়াই বিভাগীয় কৰ্তৃপক্ষক  সোনকালে উক্ত পথটি  পকীকৰণৰ দাবী জনায়।  কাৰ্যসূচীত সংগঠনটোৰ সহকাৰী  সম্পাদক প্ৰাঞ্জল দত্ত, মুখ্য সাংগঠনিক সম্পাদক ৰূপক সৰকাৰ, সাংগঠনিক সম্পাদক বিতোপন পোৰ্দ্দাৰকে ধৰি  কেইবাজনো ছাত্ৰ কৰ্মীয়ে সহযোগিতা আগবঢ়াই  এখন ৰোলাৰৰ ব্যৱস্থা কৰে৷  ক্ষোভিত ৰাইজে  আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিয়ে ৷
Exit mobile version