মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট আগমনৰ প্ৰাক মুহুৰ্তত মন্টু দত্ত নামৰ এজন যুৱকে চৰকাৰৰ জাতিধ্বংসী কার্য কলাপৰ প্ৰতিবাদত উলংগ প্ৰতিবাদ কৰিবলৈ উদ্যত হোৱাত হাঁহাকাৰ লাগে আৰক্ষীৰ। উল্লেখযোগ্য যে আজি মুখ্যমন্ত্ৰী সোনোৱাল আৰু মন্ত্ৰী শৰ্মাই লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ মনোনয়ন দাখিল পৰ্বত অংশ লবলৈ আহিছিল। তাৰ কিছু সময়ৰ পূৰ্বে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত উলংগ হৈ যুৱকজনে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে উদ্যত হয়। অন্তৰ্বাসৰ বাদে সকলো কাপোৰ খুলি পেলোৱা প্ৰতিবাদকাৰী জনে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। নিমিষতে হুলস্থুল লাগে মূখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীৰ ভ্ৰমণৰ বাবে নিয়োগ কৰা নিৰাপত্তাৰক্ষীৰ মাজত। নিৰাপত্তা বেষ্টনি ফালি যুৱকজনে হঠাৎ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত কিং কৰ্তব্য বিমোৰ হৈ পৰে যোৰহাট আৰক্ষী। যুৱকজনে এই স্বাধীনতা ভুৱা স্বাধীনতা, অসমীয়া জাতিৰ বাবে কৰি অহা সংগ্ৰাম অব্যাহত থাকিব আদি শ্ল’গানেৰে প্ৰৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে, কেব বিৰোধী আন্দোলন চলি থকাৰ সময়তে এই যুৱক জনে যোৰহাটত উলংগ প্ৰতিবাদ সাব্যস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। মন্টু দত্তই কেব বিৰোধিতা কৰি আনকি নিজৰ তেজেৰে লিখা পত্ৰও প্ৰেৰণ কৰিছিল মূখ্য মন্ত্ৰীলৈ। কিছুদিন পূৰ্বে এইজন যুৱকে আমবাৰীৰ অগপৰ কেন্দ্ৰীয় কাৰ্যালয়তো তলা লগাই দিছিল। যুৱকজনৰ একক প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত মনোনয়ন পত্ৰ দাখিলৰ বাবে বি জে পিৰ প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত অহা প্ৰায় সহস্রাধিক সমৰ্থক উপস্থিত আছিল। পিছত যুৱকজনক যোৰহাট আৰক্ষীয়ে আটক কৰি যোৰহাট সদৰ থানালৈ লৈ যায়।
মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাক মুহুৰ্তত যোৰহাটত যুৱকৰ অৰ্ধ উলংগ প্ৰতিবাদ
-
By publisher
- Categories: Loksabha Election, News, Politics
- Tags: Assam PoliceHimanta Biswa SarmaLoksabha ElectionSarbananda Sonowal
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026