নিখিল বড়ো ছাত্ৰ সন্হা (এবছু)ই ছাত্ৰ সংগঠনৰ মৰ্যাদা বিনষ্ট কৰা বুলি সৰব হৈ উঠিছে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। কালি গোসাঁইগাৱৰ হাৰাফুটাত দলৰ এখন জনসভাত ভাষণ দি বি পি এফৰ মুৰব্বীজনে এবছু আৰু প্ৰমোদ বড়োৰ লগতে এন ডি এফবি( প্ৰগতিশীল)ক সমালোচনাৰে থকা সৰকা কৰে। এবছু সভাপতি প্ৰমোদ বড়োক বেপাৰী আখ্যা দি মহিলাৰীয়ে কয়,’ নিৰ্ব্বাচনত ইউ পি পি এলক সহায় কৰিবলৈ এবছু আৰু এন ডি এফ বি(প্ৰ )য়ে কচুগাঁও বনাঞ্চলৰ শাল গছ কাটি বিক্ৰী কৰি আছে । এবছুয়ে ছাত্ৰ সংগঠনৰ হৈ ৰাজনীতিত নমাটো দুৰ্ভাগ্যজনক আৰু এয়া বৰ্তমানৰ সভাপতি প্ৰমোদ বড়োৰ ব্যক্তিস্বাৰ্থ । আগন্তুক লোকসভা নিৰ্ব্বাচনৰ সমৰ্থনৰ নামত বৃহৎ অংকৰ ধনৰ বিনিময়ত কংগ্ৰেছ-বিজেপিলৈ এবছুৱে প্ৰস্তাৱ দিছিল বুলিও অভিযোগ কৰি বি পি এফৰ মুৰব্বী মহিলাৰীয়ে লগতে কয়, ‘ এই দলবোৰে প্ৰমোদ বড়োক গুৰুত্ব নিদিয়াত তেওঁ এবছুৰ সমৰ্থনত মঙলদৈ আৰু তেজপুৰত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । কোকৰাঝাৰ ইউ পি পি এলক সমৰ্থন দিছে। ইয়াৰ উদ্দেশ্যে হ’ল ৰাজনৈতিক দলবোৰৰ স’তে আলোচনা কৰি দৰ দাম কৰা।’ এবছুৰ সভাপতিজনে সংগঠনটোৰ ভাবমূৰ্তি বিনষ্ট কৰা বুলি তেওঁ অভিযোগ কৰে।
ছাত্ৰ সংগঠনৰ মৰ্যাদা বিনষ্ট কৰিছে এবছুৱে : মহিলাৰী প্ৰমোদ বড়োক বেপাৰী আখ্যা বি পি এফ মুৰব্বীৰ
-
By publisher
- Categories: Loksabha Election, News, Politics
- Tags: Hagrama MohilaryLoksabha ElectionPramod Bodo
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026
