নিখিল বড়ো ছাত্ৰ সন্হা (এবছু)ই ছাত্ৰ সংগঠনৰ মৰ্যাদা বিনষ্ট কৰা বুলি সৰব হৈ উঠিছে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। কালি গোসাঁইগাৱৰ হাৰাফুটাত দলৰ এখন জনসভাত ভাষণ দি বি পি এফৰ মুৰব্বীজনে এবছু আৰু প্ৰমোদ বড়োৰ লগতে এন ডি এফবি( প্ৰগতিশীল)ক সমালোচনাৰে থকা সৰকা কৰে। এবছু সভাপতি প্ৰমোদ বড়োক বেপাৰী আখ্যা দি মহিলাৰীয়ে কয়,’ নিৰ্ব্বাচনত ইউ পি পি এলক সহায় কৰিবলৈ এবছু আৰু এন ডি এফ বি(প্ৰ )য়ে কচুগাঁও বনাঞ্চলৰ শাল গছ কাটি বিক্ৰী কৰি আছে । এবছুয়ে ছাত্ৰ সংগঠনৰ হৈ ৰাজনীতিত নমাটো দুৰ্ভাগ্যজনক আৰু এয়া বৰ্তমানৰ সভাপতি প্ৰমোদ বড়োৰ ব্যক্তিস্বাৰ্থ । আগন্তুক লোকসভা নিৰ্ব্বাচনৰ সমৰ্থনৰ নামত বৃহৎ অংকৰ ধনৰ বিনিময়ত কংগ্ৰেছ-বিজেপিলৈ এবছুৱে প্ৰস্তাৱ দিছিল বুলিও অভিযোগ কৰি বি পি এফৰ মুৰব্বী মহিলাৰীয়ে লগতে কয়, ‘ এই দলবোৰে প্ৰমোদ বড়োক গুৰুত্ব নিদিয়াত তেওঁ এবছুৰ সমৰ্থনত মঙলদৈ আৰু তেজপুৰত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । কোকৰাঝাৰ ইউ পি পি এলক সমৰ্থন দিছে। ইয়াৰ উদ্দেশ্যে হ’ল ৰাজনৈতিক দলবোৰৰ স’তে আলোচনা কৰি দৰ দাম কৰা।’ এবছুৰ সভাপতিজনে সংগঠনটোৰ ভাবমূৰ্তি বিনষ্ট কৰা বুলি তেওঁ অভিযোগ কৰে।
ছাত্ৰ সংগঠনৰ মৰ্যাদা বিনষ্ট কৰিছে এবছুৱে : মহিলাৰী প্ৰমোদ বড়োক বেপাৰী আখ্যা বি পি এফ মুৰব্বীৰ
-
By publisher
ADVERTISEMENT
- Categories: Loksabha Election, News, Politics
- Tags: Hagrama MohilaryLoksabha ElectionPramod Bodo
Related Content
আমেৰিকাত জন্মৰ হাৰ বৃদ্ধি কৰাৰ বাবে ড'নাল্ড ট্ৰাম্প প্ৰশাসনৰ বিশেষ পৰিকল্পনা!
By
publisher
April 22, 2025
অমিত শ্বাহক হত্যাৰ ষড়যন্ত্ৰ!
By
publisher
April 22, 2025
মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক: মন্ত্ৰী পীযুষ হাজৰীকা
By
publisher
April 21, 2025
চত্তীশগড়ত আই ই ডি বিস্ফোৰণত শ্বহীদ জোৱান !
By
publisher
April 21, 2025
এতিয়াৰ পৰা প্ৰতিমাহে নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ কৰিব কেন্দ্ৰই
By
publisher
April 21, 2025
পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ মোডীৰ
By
publisher
April 21, 2025