নাগালেণ্ডৰ ৰাজনীতিত হঠাৎ পট পৰিৱৰ্তন ঘটাই বিসম্বাদত জৰ্জৰিত হৈ পৰিল বিৰোধী দল নগা পিপলছ ফ্ৰণ্ট । এন পি এফৰ ৭গৰাকী বিধায়কে সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰাৰ ক্ষোভত মুকলি বিদ্ৰোহ প্ৰদৰ্শন কৰি নেইফিঅ ৰিঅৰ নেতৃত্বতৰ চৰকাৰকে সমৰ্থন জনোৱাৰ লগতে লোকসভাৰ প্ৰাৰ্থী টখেহু য়েপথমিক সমৰ্থন আগবঢ়াইছে। সোমবাৰে মুখ্যমন্ত্ৰী ৰিঅক সাক্ষাৎ কৰি ৰিঅ চৰকাৰক সমৰ্থন জনোৱা নগা পিপলছ ফ্ৰণ্টৰ ৭ বিসম্বাদী বিধায়ক ক্ৰমে টুৱেনচাঙৰ কেজং চাঙ , মকাৰ ই ই পাঙটেঙ, আবৈৰ ইছাক কন্যাক ,টেহকৰ চি এল জন, টামলুৰ বি এছ নাঙলাঙ, মনৰ এন টি কন্যাক আৰু টুৱেনচাঙৰ দুই সদৰ সমষ্টিৰ টয়াঙ চাঙয়ে পিডিএ চৰকাৰক মুকলি সমৰ্থন জনোৱাৰ সন্দৰ্ভত এক বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। নাগালেণ্ডত নেইফিঅ ৰিঅৰ নেতৃত্বত এখন প্ৰগতিশীল আৰু বিকাশমুখী চৰকাৰৰ বাবে তেওঁলোকে এনেদৰে সমৰ্থন জনাইছে বুলি উল্লেখ কৰি তেওঁলোকে ৰিঅক নিজৰ স্বাক্ষৰিত সমৰ্থন পত্ৰ অৰ্পণ কৰিছে। ইফালে বিসম্বাদী বিধায়ক কেইজনে নেতৃত্বৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নগা পিপলছ ফ্ৰণ্টে দলৰ নীতি আদৰ্শৰ জলাঞ্জলি দি কংগ্ৰেছৰ প্ৰাৰ্থীৰ কে এল ছিছি সমৰ্থন জনোৱাৰ বাবেই এই সিদ্ধান্ত বুলি উল্লেখ কৰিছে ।
নগা পিপলছ ফ্ৰণ্টত বিসম্বাদ : নেইফিঅ ৰিঅৰ চৰকাৰকলৈ বিসম্বাদী বিধায়কৰ মুকলি সমৰ্থন
-
By publisher
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026