নাগালেণ্ডৰ ৰাজনীতিত হঠাৎ পট পৰিৱৰ্তন ঘটাই বিসম্বাদত জৰ্জৰিত হৈ পৰিল বিৰোধী দল নগা পিপলছ ফ্ৰণ্ট । এন পি এফৰ ৭গৰাকী বিধায়কে সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰাৰ ক্ষোভত মুকলি বিদ্ৰোহ প্ৰদৰ্শন কৰি নেইফিঅ ৰিঅৰ নেতৃত্বতৰ চৰকাৰকে সমৰ্থন জনোৱাৰ লগতে লোকসভাৰ প্ৰাৰ্থী টখেহু য়েপথমিক সমৰ্থন আগবঢ়াইছে। সোমবাৰে মুখ্যমন্ত্ৰী ৰিঅক সাক্ষাৎ কৰি ৰিঅ চৰকাৰক সমৰ্থন জনোৱা নগা পিপলছ ফ্ৰণ্টৰ ৭ বিসম্বাদী বিধায়ক ক্ৰমে টুৱেনচাঙৰ কেজং চাঙ , মকাৰ ই ই পাঙটেঙ, আবৈৰ ইছাক কন্যাক ,টেহকৰ চি এল জন, টামলুৰ বি এছ নাঙলাঙ, মনৰ এন টি কন্যাক আৰু টুৱেনচাঙৰ দুই সদৰ সমষ্টিৰ টয়াঙ চাঙয়ে পিডিএ চৰকাৰক মুকলি সমৰ্থন জনোৱাৰ সন্দৰ্ভত এক বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। নাগালেণ্ডত নেইফিঅ ৰিঅৰ নেতৃত্বত এখন প্ৰগতিশীল আৰু বিকাশমুখী চৰকাৰৰ বাবে তেওঁলোকে এনেদৰে সমৰ্থন জনাইছে বুলি উল্লেখ কৰি তেওঁলোকে ৰিঅক নিজৰ স্বাক্ষৰিত সমৰ্থন পত্ৰ অৰ্পণ কৰিছে। ইফালে বিসম্বাদী বিধায়ক কেইজনে নেতৃত্বৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নগা পিপলছ ফ্ৰণ্টে দলৰ নীতি আদৰ্শৰ জলাঞ্জলি দি কংগ্ৰেছৰ প্ৰাৰ্থীৰ কে এল ছিছি সমৰ্থন জনোৱাৰ বাবেই এই সিদ্ধান্ত বুলি উল্লেখ কৰিছে ।
নগা পিপলছ ফ্ৰণ্টত বিসম্বাদ : নেইফিঅ ৰিঅৰ চৰকাৰকলৈ বিসম্বাদী বিধায়কৰ মুকলি সমৰ্থন
-
By publisher
ADVERTISEMENT
Related Content
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
By
publisher
May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
By
publisher
May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
By
publisher
May 13, 2025