নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ-বিজেপি উভয়ৰে প্ৰাৰ্থীয়ে জয়ৰ দাবী উৎত্থাপন কৰিলে। দ্বিতীয় পৰ্যায়ত নিৰ্ব্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিটোৰ কংগ্ৰেছ- বিজেপি প্ৰাৰ্থীদ্বয়ে কৰ্মী-সমৰ্থকৰ জনসমুদ্ৰৰ মাজত মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ ক্ষমতাত অধিষ্ঠিত কৰা ধ্বনি দি আজি বিজেপি প্ৰাৰ্থী বিধায়ক ৰূপক শৰ্মাই হেজাৰ হেজাৰ দলীয় কৰ্মী লগত লৈ জিলা ৰিটাৰ্ণিং বিষয়া যাদৱ শইকীয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। বিধায়ক শৰ্মাক মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, অগপৰ সভাপতি অতুল বৰা, অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত , বিধায়কসকল ক্ৰমে ডিম্বেশ্বৰ দাস,আঙুৰলতা ডেকা, শিলাদিত্য দেব,শিবু মিশ্ৰ, ৰমাকান্ত দেউৰী আদি উপস্থিত থাকে । আনহাতে, বিজেপি প্ৰাৰ্থীজনৰ দৰে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও সমদল উলিয়ায় শক্তি প্ৰদৰ্শন কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰে । এই উপলক্ষে নগাঁও ৰাজীৱ ভৱনৰ পৰা উলিওৱা সমদলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ,প্ৰাক্তন ৰকিবুল হুছেইন,গৌতম বৰা, ড• অৰ্ধেন্দু কুমাৰ দে’, প্ৰাক্তন বিধায়ক ইদ্ৰিছ আলী, ডা:দুৰ্লভ চমুৱা, জোন জোনালী বৰুৱা আদিও অংশ লয়। গায়ন-বায়নৰ দল, বিহু দল, ঝুমুৰ নৃত্য, তিৱা, বড়ো, কাৰ্বি আদি নৃত্যৰ দলে অংশ লোৱা সমদলটোত অংশগ্ৰহণকাৰীসকলে ‘ৰাহুল গান্ধী জিন্দাবাদ’ ,’তৰুণ গগৈ জিন্দাবাদ, ‘ ৰিপুণ বৰা জিন্দাবাদ ‘, ‘ প্ৰদ্যুৎ বৰদলৈ জিন্দাবাদ ‘ আদি ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে ।
নগাঁৱত ৰাজপথত জনসমুদ্ৰ ৰূপক শৰ্মা-প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন পত্ৰ দাখিল
-
By publisher
- Categories: Loksabha Election, News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026