মিছন শক্তি : বিৰল সফলতা আখ্যা মোদীৰ

GSLV PTI

শত্ৰুৰ উপগ্ৰহ ধ্বংস কৰিব পৰা ক্ষমতা অৰ্জন

বিশ্বৰ চতুৰ্থখন মহাশক্তিধৰ ৰাষ্ট্ৰত পৰিণত ভাৰত

এক গৌৰৱৰ ক্ষণত উপনীত হ’ল ভাৰত । প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ঈৰ্ষণীয় সফলতা অৰ্জন কৰি দেশে শত্ৰুৰ ৰাষ্ট্ৰৰ চোৰাংচোৱা উপগ্ৰহ ধ্বংস কৰিব পৰাৰ ক্ষমতা অৰ্জন কৰিলে । দেশৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্হা(ডি আৰ ডি অ’)ই শত্ৰুৰ উপগ্ৰহ ধ্বংস কৰিব পৰা ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ (এ-ছেট ) সফলতাৰে সম্পন্ন কৰে। ইয়াৰ লগে লগে ভাৰত বিশ্বৰ চতুৰ্থখন মহাশক্তিধৰ তথা মহাকাশত যোগদান কৰিব পৰা ক্ষমতাৰে পুষ্ট দেশত পৰিণত হ’ল। ইয়াৰ পূৰ্বে কেৱল ৰাছিয়া, চীন আৰু আমেৰিকাহে এনে শক্তিৰ গৰাকী আছিল । ‘মিছন শক্তি ‘ শীৰ্ষক এক অভিযানৰ জড়িয়তে ডি আৰ ডি অ’ই পৃথিৱীৰ পৰা তিনিশ কিলোমিটাৰ উচ্চতাত থকা এটা উপগ্ৰহ ধ্বংস কৰে। এই ক্ষমতা অন্তত: দুহেজাৰ কিলোমিটাৰ উচ্চতালৈ বৃদ্ধি কৰিব পাৰি অৰ্থাৎ শত্ৰু ৰাষ্ট্ৰৰ দুহেজাৰ কিলোমিটাৰ উচ্চতাত থকা চোৰাংচোৱা উপগ্ৰহো অনায়াসে এতিয়া ভাৰতে ধ্বংস কৰিব পৰা হ’ল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণত ডি আৰ ডি অ’ৰ এই বিৰল সফলতা লাভৰ কথা প্ৰকাশ কৰে। অৱশ্যে এই সমৰাস্ত্ৰ কোনো দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰা নহয় বুলিও প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰিছে ।

ADVERTISEMENT
Exit mobile version