biঅভিনয় জগতৰ পৰা ৰাজনীতিলৈ অহা হেমা মালিনী অৰ্বুদপতি। একালৰ মোহময়ী অভিনেত্ৰীৰাকীয়ে মনোনয়ন পত্ৰৰ স’তে গাঁঠি দিয়া শপতনামাত এই তথ্য প্ৰকাশ পাইছে। এইবাৰ হেমা মালিনীয়ে মথুৰাত বিজেপি প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব। কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰা হেমা মালিনীৰ সম্পত্তি বিগত পাঁচ বছৰত 34•46 কোটি টকা বৃদ্ধি পায় । তেওঁৰ শপতনামাত প্ৰকাশ পোৱা তথ্য অনুসৰি বঙলা,আ-অলংকাৰ, নগদ ধন,শ্বেয়াৰ, জমা থকা ধনকে ধৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ 101 কোটিৰো অধিক টকা। 2014 ত লোকসভা নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দাখিল কৰা শপত নামাত 66 কোটি টকা বুলি উল্লেখ কৰিছিল । আনহাতে, হেমা মালিনীৰ অভিনেতা স্বামী ধৰ্মেন্দ্ৰ সিং দেউলৰ সম্পত্তি বিগত পাঁচ বছৰত 12•30 কোটি টকা বৃদ্ধি পায় । বিগত পাঁচ বছৰত দম্পতীহালৰ প্ৰত্যেকে 10 কোটিকৈ টকা অৰ্জন কৰে। ছবি জগতত একালত ‘ ড্ৰীম গাৰ্ল’ৰূপে পৰিচিত অভিনেত্ৰীৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁৰ এখন মাৰ্চিডিজসহ দুখন গাড়ী আছে । 2011তেওঁ 33•62 লাখ টকাত মাৰ্চিডিজখন ক্ৰয় কৰে। আনহাতে 2005 ত 4•75 লাখ টকাত এখন টয়’টা ক্ৰয় কৰে। আনহাতে ধৰ্মেন্দ্ৰৰ পুৰণি (ভিণ্টেজ) গাড়ীহে আছে । 1965 ত ধৰ্মেন্দ্ৰই সাত হেজাৰ টকাত এখন ৰেঞ্জ ৰ’ভাৰ ক্ৰয় কৰে। তদুপৰি তেওঁ এখন মাৰুতি 800 আৰু এখন মটৰ চাইকেল আছে ।
শপতনামাৰ তথ্য : এশ কোটি টকা সম্পত্তিৰ গৰাকী হেমা মালিনী।
-
By publisher
- Categories: Loksabha Election, News, Politics
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026