লালথ্লামুৱানী : মিজোৰামৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী

লালথ্লামুৱানী : মিজোৰামৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী

এইবাৰৰ লোকসভা নিৰ্ব্বাচনত মিজোৰামত এক ইতিহাস ৰচনা হ’ব। কাৰণ ইতিহাসত প্ৰথমবাৰ বাবে ৰাজ্যখনত এইবাৰ এগৰাকী মহিলা প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । ৰাজ্যখনত মাত্ৰ এটা লোকসভা সমষ্টি আছে । সমষ্টিটোৰ 63 বছৰীয়া লালথ্লামুৱানী নামৰ মহিলাগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে । তেওঁৰ প্ৰতিদ্বন্দীৰূপে আছে পাঁচজন পুৰুষ প্ৰাৰ্থী। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিটোত মুঠ ভোটাৰ সাতলাখ 70 হেজাৰ 395 জন। অহা 11 এপ্ৰিলত সমষ্টিটোত ভোটগ্ৰহণ অনুষ্ঠিত হব। আনহাতে, ভগৱানৰ সংকেতত প্ৰতিদ্বন্দ্বিতা কৰা বুলি মত প্ৰকাশ কৰিছে লালথ্লামুৱানীয়ে। তেওঁ কয় ,’মিজোৰামত সংসদীয় নিৰ্ব্বাচনত প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী হ’বলৈ পোৱাটো এক অবিস্মৰণীয় কাৰ্য।’ বিগত বিধানসভা নিৰ্ব্বাচনত তেওঁ আইজল দক্ষিণ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু তেওঁ মাঠো 69 টা ভোটহে লাভ কৰে। ৰাজ্যখনৰ একমাত্ৰ লোকসভা সমষ্টিটো সম্প্ৰতি কংগ্ৰেছৰ দখলত আছে । লালথ্লামুৱানীৰ পাঁচটা নাতিনীয়েক আছে । তেওঁ চিনলুং ইজৰাইল পি’পল কনভেনছন নামৰ এটা বেচৰকাৰী সংগঠন ( এন জি অ’) পৰিচালনা কৰি আছে । লক্ষ্যণীয় যে ৰাজ্যসভাত লোকসভা সমষ্টিটোত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক । সমষ্টিটোৰ তিনি লাখ 81 হেজাৰ 991 জন পুৰুষ ভোটাৰ থকাৰ বিপৰীতে চাৰি লাখ দুহেজাৰ 408 গৰাকী মহিলা ভোটাৰ আছে ।

Exit mobile version