আজমলৰ কায়দাৰে পানীৰ বটলত ফু মাৰিলে ৰঞ্জিত দাস-অতুল বৰাই

AGP

জাভেদ ইছলাম ধুবুৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী

এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ কায়দাৰে পানীৰ বটলত ফু মাৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হাতত তুলি দিলে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস আৰু অগপ সভাপতি অতুল বৰাই। আজি ইয়াত মিত্ৰজোঁটৰ সভা অনুষ্ঠিত হয় । সভাৰ পাছত বিজেপি সভাপতি ৰঞ্জিত দাসে জাভেদ ইছলামৰ নাম আসন্ন লোকসভা নিৰ্ব্বাচনৰ ধুবুৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰে । তেতিয়াই আজমলক কটাক্ষ কৰিবলৈ অগপ-বিজেপি সভাপতিদ্বয়ে এটা পানীৰ বটলত ফু মাৰি প্ৰাৰ্থীজনৰ হাতত তুলি দিয়ে । পাছত দাসে কয় আজমলে জৰা-ফুকা কৰি ৰাইজক ৰামঠগন দি আহিছে । এ আই ইউ ডি এফ মুৰব্বীজনক এইবাৰ বিদায় দিবলৈ তেওঁ ৰাইজক আহ্বান জনাইছে । আনহাতে, প্ৰাৰ্থী ইছলামে কয় যে উন্নয়নক ইছ্যুৰূপে লৈ তেওঁ নিৰ্ব্বাচনত অৱতীৰ্ণ হ’ব। আজমলে নিজে বেমাৰ হ’লে টেবলেট খাই আৰু আনক পানী জৰা-ফুকা কৰি দি 10 বছৰ ৰামঠগন দি অহা বুলি ইছলামে মন্তব্য কৰে। সাংসদ পুঁজি ব্যৱহাৰ ক্ষেত্ৰতো আজমল সম্পৰ্ণৰূপে ব্যৰ্থ বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ কোনো দুৰ্বল বা শক্তিশালী প্ৰাৰ্থী দিলেও তেওঁ জয় নিশ্চিত ।

Exit mobile version