বড়োলেণ্ডৰ নামত অসমক বিভাজন কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছে কোকৰাঝাৰ নিৰ্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই। গোসাঁইগাৱৰ আদিবাসী অধ্যুষিত বালাগাঁৱত এক নিৰ্ব্বাচনী সভাত ভাষণ দি সাংসদজনে কয় যে সাংসদ হৈ থকালৈকে সংসদত কেতিয়াও বড়োলেণ্ডৰ বিষয়টো উৎত্থাপন নহ’ব । অসম বিভাজন কৰি তথা সংখ্যা গৰিষ্ঠতা থকা জনগোষ্ঠীৰ ওপৰত জাপি দিব বিচৰা বড়োলেণ্ডৰ সপোন কেতিয়াও বাস্তবায়িত নহ’ব বুলি বুলি মন্তব্য কৰে শৰণীয়াই। আনহাতে, যদি কোকৰাঝাৰ সমষ্টিটো বি পি এফ বা আন কোনো ৰাজনৈতিক দলৰ হাতলৈ যায়, তেন্তে বড়োলেণ্ড হোৱাটো খাটাং বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘ অবড়োসকলৰ অধিকাৰ কেতিয়াও খৰ্ব হ’বলৈ নিদিওঁ । মই সাংসদ হৈ থকালৈকে বড়োলেণ্ডক লৈ লোকসভাত কোনো আলোচনা নহ’ব । বি টি চি প্ৰশাসনে নতুনকৈ ভূমি নীতি প্ৰৱৰ্তন কৰি অবড়ো ভূমি অধিকাৰ হৰণৰ চলাইছিল । কিন্তু মই তীব্ৰ বিৰোধিতা কৰাত হাগ্ৰামা বাহিনীয়ে সেই ষড়যন্ত্ৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। মই ৰাইজৰ আশা এশ শতাংশ পূৰণ কৰিব নোৱাৰিলেও বহুখিনি পূৰণ কৰিব পাৰিছো । বি টি এ ডিত বাস কৰা আদিবাসী, কোঁচ ৰাজবংশী, ৰাভা, নেপালী, হিন্দু, বাঙালী , হিন্দীভাষী, মুছলমান আদিয়ে সমঅধিকাৰ পোৱা নাই বুলি অভিযোগ কৰি তেওঁ লগতে কয়, চাকৰি তথা বিভিন্ন ধৰণৰ কাম-কাজত অবড়োসকল বঞ্চিত হৈ আহিছে ।এই বঞ্চনা আৰু শাসকপক্ষৰ বৈষম্যৰ বিৰুদ্ধে মই সদায় মাত মাতি থাকিম। প্ৰাপ্য অধিকাৰ আদায়ৰ বাবে সংগ্ৰাম অব্যাহত থাকিব । বি টি চি চুক্তি পুনৰীক্ষণৰ বাবে আমাৰ আন্দোলন অব্যাহত থাকিব । কেন্দ্ৰীয় চৰকাৰৰ মঞ্জুৰীকৃত ধনৰ সদ্ব্যৱহাৰ, ভ্ৰষ্টাচাৰমুক্ত প্ৰশাসন, বি টি চিৰ গ্ৰামোন্নয়ণৰ দায়িত্ব নিৰ্ব্বাচিত প্ৰতিনিধিৰ হাতত ন্যস্ত কৰক। ‘ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বিষয় নিৰ্ব্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও শৰণীয়াই উল্লেখ কৰে । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়ালৈ পূৰ্ণ সমৰ্থন আছে আৰু ভৱিষ্যতেও থাকিব বুলি আজি শৰণীয়াই ঘোষণা কৰে।
বড়োলেণ্ডৰ নামত অসম বিভাজন কৰিবলৈ দিয়া নহ’ব : নৱ শৰণীয়া
-
By publisher
- Categories: Loksabha Election, News, Politics
- Tags: AssamLoksabha Election
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026