বাৰানসীত নহ’ব কিয়?

priyanka

ৰাইবেৰেলিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যোৱা কৰ্মীক প্ৰশ্ন প্ৰিয়ংকাৰ

‘ বাৰানসীত নহ’ব কিয়?’ দলীয় কৰ্মীক উদ্দেশি এই প্ৰশ্ন কৰিলে কংগ্ৰেছৰ পূব উত্তৰ প্ৰদেশৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে । একাংশ দলীয় কৰ্মীয়ে প্ৰিয়ংকাক মাতৃ ছোনিয়া গান্ধীৰ সমষ্টি ৰাইবেৰেলিত লোকসভা নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ জনায়। তেতিয়া এই দলীয় কৰ্মীসকলক উদ্দেশি কালি প্ৰিয়ংকাই বাৰানসীত নহ’ব কিয় বুলি প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰ অৱশ্যে দলীয় কৰ্মীসকলে দিব নোৱাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিনিধিত্ব কৰা বাৰানসীত কিছু দিন পূৰ্বে প্ৰিয়ংকাই দলৰ হৈ প্ৰচাৰ চলায়। কালি প্ৰিয়ংকা ৰাইবেৰেলিত উপস্থিত হয় । তেতিয়া তেওঁ দলীয় কৰ্মীসকলক কয় যে মাতৃ ছোনিয়াক সাক্ষাৎ কৰিব নোৱাৰা বাবে তেওঁ চিন্তাত আছে। ইয়াৰ লগে লগে একাংশ দলীয় কৰ্মীয়ে প্ৰিয়ংকাক ৰাইবেৰেলিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ জনায়। এই কৰ্মীসকললৈ উদ্দেশি মিচিকিয়াই হাঁহি মাৰি কয় , ‘ আপোনালোকে ৰাইবেৰেলিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মোক কৈছে । কিন্তু বাৰানসীত নহ’ব কিয়? ‘ অৱশ্যে দুদিন পূৰ্বে প্ৰিয়ংকাই ঘোষণা কৰে যে দলে প্ৰাৰ্থীত্ব দিলে তেওঁ লোকসভা নিৰ্ব্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুত আছে । যোৱা জানুৱাৰীত প্ৰিয়ংকাই দলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ সন্মুখৰ পৰা প্ৰচাৰ চলাবলৈ লৈছে ।

Exit mobile version