হোজাইৰ নিলবাগানত আজি চিনেমাৰ কায়দাৰে আৰক্ষীৰ সন্মুখৰ পৰা এজন দুৰ্ধৰ্ষ ডকাইতে মটৰ চাইকেলত উঠি পলায়ন কৰে। হোজাই জিলাৰ বিভিন্ন থানাত কমেও ১৪ টা অপৰাধমূলক গোচৰ ৰুজু হৈ থকা নীলবাগানৰ নিকটৱৰ্তী জয়ন্তীয়াবস্তি গাঁৱৰ নুৰ আলম ওৰফে চাজনক আজি হোজাই আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ঋতুপৰ্ণ গগৈৰ নেতৃত্বত এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ যায় । আৰক্ষীয়ে চাজনক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰোতে তেওঁ চিনেমাৰ কায়দাৰে এখন নম্বৰপ্লেটবিহীন মটৰ চাইকেলত উঠি পলায়ন কৰে বুলি এক সূত্ৰই জনায়। অৱশ্যে আৰক্ষীয়ে চাজনে পলায়নত ব্যৱহাৰ কৰা মটৰ চাইকেলখন জব্দ কৰিবলৈ সক্ষম হৈছে । ইপিনে, স্হানীয় একাংশই জনোৱা মতে, চাজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল যদিও তেওঁ আৰক্ষীৰ স’তে হতাহতি কৰি পলায়ন কৰে। চাজনৰ আক্ৰমণত দুজন আৰক্ষী কনিষ্টবল আহত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায়। অৱশ্যে আৰক্ষীয়ে স্হানীয় লোকৰ এনে ভাষ্য অস্বীকাৰ কৰিছে ।
চিনেমাৰ কায়দাৰে আৰক্ষীৰ সন্মুখৰ পৰা পলাল দুৰ্ধৰ্ষ ডকাইত
-
By publisher
- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026