নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক আদৰণি জনোৱাৰ উদ্দেশ্যে আজি নগাঁৱৰ দক্ষিণপাটত এখনি সভা অনুষ্ঠিত হয় । পাখিমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত দক্ষিণপাট চাৰিআলিৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত হোৱা এই সভাখনত প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ লগতে প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱাকে প্ৰমুখ্যে কৰি কে’বাজনো দলীয় নেতা-কৰ্মী উপস্থিত থাকে । পাখিমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ৰবীন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক পাখিমৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মীসকলে উষ্ম আদৰণি জনায় । সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী, বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে অগপ-বিজেপিক তুলাধূনা দি কয় যে, বিজেপি দলৰ মাটিৰ লগত সম্পৰ্ক নাই। তেওঁলোকে কেৱল প্ৰলোভনেৰে ৰাজনীতি কৰে। কিন্তু নিৰ্বাচনৰ পিছত সকলো কথা পাহৰে। বিজেপিয়ে যোৱা লোকসভা আৰু বিধান সভা নিৰ্বাচনৰ সময়ত দিয়া কোনটো প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে বুলিও হুছেইনে প্ৰশ্ন তুলে । অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰসঙ্গত হুছেইনে কয়, “বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আনি অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব বিচাৰিছে। একমাত্ৰ কংগ্ৰেছ দলেহে এই জাতি ধ্বংসী বিধেয়কখন আইনত পৰিণত হোৱাৰ ক্ষেত্ৰত ৰাজ্যসভাত বাধা প্ৰদান কৰিলে।” মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ “আমাৰ জন”বুলি মন্তব্য কৰি হুছেইনে কয়,”আমাৰজন অতি অহংকাৰী নেতা । ভোটৰ বাকচ খোলাৰ দিনা জনসাধাৰণক ইমান দিনে কৰি অহা অপমান-অহংকাৰৰ কথা বিজেপিয়ে বুজিব পাৰিব।”ইপিনে, নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে নৰেন্দ্ৰ মোডীক সমালোচনাৰে থকা-সৰকা কৰি কয় যে, এইবাৰ ৰাইজে নিশ্চয় বিজেপি-আৰ এছ এছৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিব। জনসাধাৰণৰ মৌলিক সমস্যা সমাধানৰ বাবে নিজে এক বলিষ্ঠ কণ্ঠস্বৰ হ’ব খোজাৰ কথা প্ৰকাশ কৰি বৰদলৈয়ে কয়যে, তেওঁ সমগ্ৰ নগাঁওবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ কন্ঠস্বৰ হ’ব বিচাৰে। বিজেপি কেৱল নিৰ্বাচনী বৈতৰণী পাৰ কৰি ক্ষমতা দখলৰ লক্ষ্যৰে হিন্দু, মুছলমান, অসমীয়া, বঙালী, বিহাৰী,পাঞ্জাৱী আদি সম্প্ৰদায় ভিত্তিক কথা কৈ মানুহৰ মাজত বিভাজন ৰাজনীতি কৰিব বিচাৰিছে। অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে সদায় কাম কৰি যাব বুলি বৰদলৈয়ে মন্তব্য কৰি কয়,” এই দেশ স্বজাতিৰ দেশ, মানৱতাৰ দেশ। ইয়াত বিভাজনৰ ৰাজনীতি নচলে।” সভাত প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱাই ভাষণ দি প্ৰদ্যুত বৰদলৈক শক্তিশালী প্ৰাৰ্থী বুলি মন্তব্য কৰে ।
নগাঁৱৰ দক্ষিণপাটত প্ৰদ্যুত বৰদলৈৰ নিৰ্বাচনী সভা
-
By publisher

- Categories: Loksabha Election, News, Politics
- Tags: CongressLoksabha Election
Related Content
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
By
publisher
April 29, 2026
Akhil Gogoi's open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026