বহি:ৰাজ্যৰ তিনি পুৰুষ-মহিলাক সুদীৰ্ঘ ২৮ দিন আবদ্ধ কৰি ৰাখি মুক্তিপণ বিছৰা অভিযোগত গ্ৰেপ্তাৰ হ’ল বিহপুৰীয়া পৌৰসভাৰ এজন ৱাৰ্ড কমিচনাৰ । এগৰাকী মহিলা আৰু দুজন পুৰুষক নিজ গৃহতে আবদ্ধ কৰি ৰাখি এক লাখ ৫০ হেজাৰ টকা মুক্তিপণ আদায় কৰি গ্ৰেপ্তাৰ হোৱা লোকজন হৈছে বিহপুৰীয়া পৌৰসভাৰ এক নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ নজিব আহমেদ। আবদ্ধ লোকসকলক অভিযুক্ত ৱাৰ্ড কমিচনাৰজনৰ লগত তেওঁৰ পত্নী নাজিমা আহমেদে প্ৰৱল মানসিক তথা শাৰীৰিক নিৰ্যাতন চলোৱা অভিযোগ উৎত্থাপিত হৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে, ধন ঘটাৰ কৌশল ৰচনা কৰিয়ে অভিযুক্ত আহমেদে পশ্চিমবংগৰ নিউজলপাইগুৰিৰ বাসিন্দা অনিমা প্ৰসাদ লেপ্সা(৬৫) , জন ক্ৰুছ তিৰ্কী(৭০),ৰত্নেশ্বৰ ৰয় (৪০)ক দীৰ্ঘদিনে পণবন্দী কৰি ৰাখিছিল । ঘটনাৰ বিৱৰণি অনুসৰি, বিহপুৰীয়াৰ নিবাসী আহমেদৰ স’তে কিছু বছৰ পূৰ্বে ব্যৱসায়িক সূত্ৰে অনিমা প্ৰসাদৰ পৰিচয় ঘটে। পাছলৈ তেওঁলোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱাত অনিমা প্ৰসাদে আহমেদৰ পত্নীক ভগ্নীৰ মৰ্যাদা দিয়ে। এই ঘনিষ্ঠতাৰ সূত্ৰে অনিমা প্ৰসাদে তেওঁৰ ভৃত্য ৰত্নেশ্বৰ আৰু বন্ধু জন ক্ৰুছৰ স’তে যোৱা এক মাৰ্চত আহমেদৰ ঘৰলৈ ফুৰিবলৈ আহে। কিন্তু আহমেদ আৰু তেওঁৰ পত্নীয়ে তিনিওকে আবদ্ধ কৰি ৰাখি ব্লেকমেইলিং আৰম্ভ কৰে। অনিমা প্ৰসাদ আৰু জন ক্ৰুছৰ ম’বাইল ফোন আৰু এ টি এম আদিও হস্তগত কৰি আহমেদ দম্পতীয়ে তেওঁলোকৰ দ্বাৰাই পৰিয়ালৰ পৰা ধন দাবী কৰে। লগতে আহমেদে তেওঁলোকৰ পৰা 10 লাখ টকা পাবলগীয়া আছে বুলি এখন কাগজত লিখাই লৈ দুই এপ্ৰিলৰ ভিতৰত ধন আদায় দিয়াৰ সময়সীমা বান্ধি দিয়ে। ইতিমধ্যে জন ক্ৰুছৰ পৰিয়ালে মুক্তিপণৰ বাবদ এক লাখ ৫০ হেজাৰ টকা আহমেদক আদায় দিয়ে। উল্লেখ্য যে নিজ একাউন্টৰ জৰিয়তে ধন লৈ ধৰা পৰাৰ আশংকাত ধূৰ্ত ৱাৰ্ড কমিচনাৰজনে অনিমা প্ৰসাদৰ নামত ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ বিহপুৰীয়া শাখাত এটা একাউন্ট খোলে। লগতে নিজ স্হানীয় অভিভাৱক হৈ নমীনীও নিজে লয়। অহা দুই এপ্ৰিলত পণবন্দীসকলৰ পৰিয়ালে উক্ত একাউন্টৰ জৰিয়তে ন লাখ টকা আদায় দিয়াৰ কথা আছিল । কিন্তু যোৱা নিশা অনিমা প্ৰসাদে কৌশলেৰে আহমেদৰ কৱলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। বহি:ৰাজ্যৰ মহিলাগৰাকীয়ে মুক্ত হৈয়ে বিহপুৰীয়া আৰক্ষী থানাত উপস্থিত হৈ সকলো কথা বিবৰি কয়।
২৮ দিন পণবন্দী বহি:ৰাজ্যৰ তিনি পুৰুষ-মহিলা
-
By publisher
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026