অসমত আছে ৫০৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ

transgender

জোনাই বিধান সভা সমষ্টিত সৰ্বাধিক তৃতীয় লিংগৰ ভোটাৰ

কয়াকুছি: অসমৰ লোকসভা আৰু বিধান সভাৰ নিৰ্বাচনী ইতিহাসত তৃতীয় লিংগৰ ভোটাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ নজিৰ নাই যদিও এইসকলে পূৰ্বৰ পৰাই ভোটদান কৰি আহিছে ৷নিজে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ নহলেও ভোটদান সাব্যস্ত কৰি সংসদীয় গণতন্ত্ৰনৰ প্ৰতি আস্হা প্ৰকাশ কৰি আহিছে ৷ প্ৰাপ্ত তথ্য মতে সমাগত লোকসভা নিৰ্বাচনী ভোটাৰ তালিকাত অসমত ৫০৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম সন্নিবিষ্ট হৈছে ৷  এইবেলি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৫৮ গৰাকী,  দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৮১ গৰাকী আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৬৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম তালিকাত সন্নিবিষ্ট হৈছে ৷ আনহাতে, ৰাজ্যখনৰ গুৱাহাটী আৰু শিলচৰত সৰ্বাধিক ৭৮ গৰাকীকৈ তৃতীয় লিংগৰ ভোটাৰ থকাৰ বিপৰীতে যোৰহাট আৰু ডিমা হাচাও সংসদীয় সমষ্টিত সৰ্বনিম্ন ৭ গৰাকীৰ নাম ভোটাৰ তালিকাত তৃতীয় লিংগৰ ভোটাৰৰ নাম সন্নিবিষ্ট হৈছে ৷ মনকৰিবলগীয়া কথা যে, অসমত প্ৰথম পৰ্যায়ত  অনুষ্ঠিত হব লগা নিৰ্বাচনত তেজপুৰ সংসদীয় সমষ্টিত ৩০ গৰাকী,  কলিয়াবৰ সমষ্টিত ৪৫ গৰাকী, যোৰহাট সংসদীয় সমষ্টিত ৭ গৰাকী,  ডিব্ৰুগড় সংসদীয় সমষ্টিত ২৩ গৰাকী আৰু লখিমপুৰ সংসদীয় সমষ্টিত ৫৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ৷ আনহাতে,  দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া কৰিমগঞ্জ লোকসভা সমষ্টিত ১৬ গৰাকী, শিলচৰ সমষ্টিত ৭৮ গৰাকী,  ডিমা হাচাও সমষ্টিত ৭ গৰাকী,  মঙ্গলদৈ সমষ্টিত ২৯ গৰাকী আৰু নগাঁও সংসদীয় সমষ্টিত ৫১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ৷ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া  ধুবুৰী সংসদীয় সমষ্টিত ২৭ গৰাকী, কোকৰাঝাৰ সংসদীয় সমষ্টিত ৪৫ গৰাকী, বৰপেটা সংসদীয় সমষ্টিত ১৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ থকাৰ বিপৰীতে গুৱাহাটী সংসদীয় সমষ্টিত ৭৮ গৰাকী ভোটাৰ আছে ৷মনকৰিবললগীয়া কথা যে,  ৰাজ্যখনৰ জোনাই বিধান সভা সমষ্টিত সৰ্বাধিক ২৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ থকাৰ বিপৰীতে ৰঙাপাৰা, ভবানীপুৰ,  বৰক্ষেত্ৰী, যোৰহাট, তিতাবৰ,  বঙাইগাঁও, শিৱসাগৰ,  তিয়ক বিধান সভা সমষ্টিকে ধৰি অসমৰ মুঠ ২৭ টা বিধান সভা সমষ্টিত এগৰাকীও তৃতীয় লিংগৰ ভোটাৰৰ নাম তালিকাত  নথকাৰ তথ্য প্ৰকাশ পাইছে ৷
Exit mobile version