নগাঁও সংসদীয় সমষ্টিৰ বাবে নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনস্থ ১৫ টা ভোট গ্ৰহন কেন্দ্ৰত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। জিলা নিৰ্বাচনী বিষয়াই জনোৱা মতে, নগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ হয়বৰগাওঁ কলংপাৰ এল পি স্কুলত ভোট গ্ৰহন কেন্দ্ৰৰ পূব খণ্ড, পশ্চিম খণ্ড, মধ্য খণ্ড, নগাঁও আইন মহাবিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পূৱ, পশ্চিম, মধ্য খণ্ড, নগাঁও বেঙ্গলী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পূব, পশ্চিম, মধ্য, উত্তৰ খণ্ড, ৰত্ন কান্ত বৰকাকতী হাইস্কুলৰ পশ্চিম, উত্তৰ কেণ্ড আৰু কিৰণবালা গোস্বামী ছোৱালী হাইস্কুল ভোট গ্ৰহন কেন্দ্ৰৰ পূৱ পশ্চিম দক্ষিন খণ্ডৰ ভোট গ্ৰহণৰ প্ৰক্ৰিয়া মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। ইতিমধ্যে এই কেন্দ্ৰ সমূহৰ বাবে নিয়োজিত মহিলা কৰ্মচাৰী সকলক যাবতীয় প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ, নিৰ্বাচনী বিষয়াৰ অধীনস্থ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা ভোট গ্ৰহন কেন্দ্ৰত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। এই কেন্দ্ৰ দুটা হ’ল কুঁৱৰী টোল হাইস্কুল ভোট গ্ৰহন কেন্দ্ৰৰ ২ আৰু ৩ নং খণ্ড। ইয়াকে লৈ নগাঁও জিলাত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১৭টা হ’ব। উল্লেখ্য যে মহিলা ভোটাৰক আকৰ্ষণ কৰাৰ বাবেই নিৰ্বাচনী আয়োগে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
নগাঁৱত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব ১৫ টা ভোট গ্ৰহণ কেন্দ্ৰ
-
By publisher
- Categories: Loksabha Election, News, Politics
- Tags: AssamCEO AssamLoksabha Election
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026