উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি আজি তীব্ৰ ককৰ্থনাৰ সন্মুখীন হ’ল ৰাজ্যৰ মুখ্য সচিব । ৰাজ্যৰ বন্দী শিবিৰসমূহক লৈ প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মী হৰ্ষ মাণ্ডৰৰ এক গোচৰ সন্দৰ্ভত তথ্য দিবলৈ মুখ্য সচিব উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন এখন তিনিজনীয়া পীঠে মুখ্য সচিবজনৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পাৰোৱানী জাৰিৰ ধমকি দিয়ে। পূৰ্বে বিচাৰপীঠে ৰাজ্যৰ বন্দী শিবিৰসমূহৰ আৱাসীসকল সম্পৰ্কত তথ্য প্ৰদান কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছিল । কিন্তু তেওঁ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি এই তথ্য প্ৰদানৰ বাবে বিচাৰপীঠৰ সন্মুখত আজি উপস্থিত নহ’ল। ইয়াক লৈ ক্ষুদ্ৰ হৈ বিচাৰপীঠখনে মুখ্য সচিবৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানী জাৰিৰ ধমকি দিয়ে। অৱশ্যে এনে কঠোৰ ব্যৱস্হা গ্ৰহণৰ পৰা ন্যায়ালয় বিৰত থাকি অহা আঠ এপ্ৰিলত মুখ্য সচিবক বাধ্যতামূলকভাৱে বিছাৰপীঠৰ আগত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰে। তদুপৰি গোচৰটোৰ প্ৰতিটো শুনানিত তেওঁক উপস্থিত থাকিবলৈ বিচাৰপীঠে নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশ গগৈয়ে মুখ্য সচিবক কোনে ন্যায়ালয়ত উপস্থিত থকাৰ সুবিধা প্ৰদান কৰিলে বুলি সহ-মহাধিবক্তা তুষাৰ মেহতাক প্ৰশ্ন কৰে। ‘ আমি অনুমতি দিলেহে মুখ্য সচিব ঘৰলৈ ঘূৰি যাব পাৰিব। ‘ মুখ্য ন্যায়াধীশ গগৈয়ে এনেদৰে মন্তব্য কৰে ।
৭০ হেজাৰ ঘোষিত বিদেশী অদৃশ্য হ’ল : ৰাজ্য চৰকাৰৰ শপতনামা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা
-
By publisher

- Categories: News
- Tags: Assam GovernmentSupreme Court of India
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026