কাজিৰঙা: কাজিৰঙাত বনবিভাগ-আৰক্ষী গিজগিজাই থকাৰ মাজতে ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটা গঁড় হত্যা কৰে চিকাৰীয়ে। আনহাতে, বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে পূৰ্বৰ ঘটনাৰ দৰেই খৰ্গটো কাটি নিবৰ সক্ষম হয়। আশ্চৰ্যজনক ভাৱে এমাহৰ পূৰ্বেই উদ্যানৰ অন্তৰ্ভাগত চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰি গঁড় হত্যা কৰি খৰ্গ কাটি নিয়ে অথচ আজি পুৱাহে কাজিৰঙাৰ বনবিভাগে মৃত গঁড়ৰ খৰ্গহীন দেহটো উদ্ধাৰ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰোহিণী শইকীয়াই জনোৱা অনুসৰি, আজি পুৱা উদ্যানৰ কহঁৰা বনাঞ্চলৰ দুসুঁতি বনশিৱিৰ এলেকাত বনকৰ্মীয়ে নিয়মীয়া তহল দি থাকোতে এটা উঁৱলি যোৱা অৱস্থাৰ গঁড়ৰ খৰ্গহীন মৃতদেহ দেখা পায়। লগে লগে বন কৰ্তৃপক্ষক অৱগত কৰি সমগ্ৰ এলেকাটোত অভিযান চলায়। বনকৰ্মীয়ে ঘটনাস্থলীত ৩০৩ ৰাইফলৰ পাঁচটা খালী কাৰ্টিজ উদ্ধাৰ কৰে। ডি এফ অ’ শইকীয়াই লগতে জনোৱা অনুসৰি, চিকাৰী প্ৰৱেশ কৰি এমাহমানৰ পূৰ্বেই গঁড়টো হত্যা কৰি খৰ্গ কাটি লৈ যায়। ইফালে, গঁড় হত্যাৰ খবৰ বিয়পি পৰাৰ লগে লগে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় কাজিৰঙা এলেকাত। সম্প্ৰতি অভিযান অব্যাহত আছে যদিও চোৰাং চিকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰিছে অভিযানকাৰী দলে। উল্লেখ্য যে প্ৰমিলাৰাণী ব্ৰহ্ম বনমন্ত্ৰীৰ দায়িত্বত থকা অৱস্থাত পূৰ্বৰ চৰকাৰৰ দিনৰ তুলনাত গঁড় হত্যাৰ হাৰ হ্ৰাস পাইছিল আৰু বহু দিন গঁড় হত্যা নোহোৱাৰ বাবে কাজিৰঙাৰ বনবিষয়া সকলে আৰাম কৰিবলৈ লৈছে। যাৰ পৰিণতিতে পুনৰ গঁড় হত্যা হৈছে বুলি বিভিন্ন জনে মত ব্যক্ত কৰিছে। লক্ষণীয় ভাৱে, যোৱা ১৪ ডিচেম্বৰত দিনৰ ভাগত কাজিৰঙাৰ ৰাজপথৰ পৰা আৰক্ষী-বনবিভাগৰ যুটীয়া অভিযানত অস্ত্ৰসহ তিনিজনকৈ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰাৰ পাছত নিশাই চিকাৰীয়ে একপ্ৰকাৰ চেলেঞ্জ কৰি বন কাৰ্যালয়ৰ কাষতে ১৫ ডিচেম্বৰত গুলীয়াই গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হয়। চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত প্ৰথমটো ঘটনা সংঘটিত হোৱাৰ এয়া দ্বিতীয়টো ঘটনা। ইপিনে, বিগত বৰ্ষত ছটা গঁড় চোৰাং চিকাৰীৰ গুলীত নিহত হৈছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে। আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনৰ ব্যাপক তৎপৰতাৰ মাজতে গঁড়ৰ খৰ্গহীন মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বিজেপি শাসনলৈ সন্দেহৰ আঙুলি উঠিছে।






























