Iran:✒️মার্কিন যুক্তৰাষ্ট্ৰৰ সমর্থনপুষ্ট ইৰানৰ প্রতিবাদকাৰীসকলে সৃষ্টি কৰা অৰাজক পৰিস্থিতি দমন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাই অসমৰ চাহ উদ্যোগত মাধমাৰ শোধোৱাৰ আশংকা প্রবল হৈছে।
সম্প্রতি ভয়াৱহ পৰিস্থিতি বিৰাজ কৰা দেশখনলৈ চাহৰ ৰপ্তানি হ্রাস পোৱাৰ আশংকাত ভূগিছে ভাৰতীয় চাহ ৰপ্তানিকাৰীসকল। উল্লেখ্য যে যোৱা আঠ জানুৱাৰীৰ পৰা দেশখন বিশ্বৰ স’তে যোগাযোগ বিচ্ছিন্ন হৈ আছে।
প্রতিবাদ নিয়ন্ত্ৰণৰ অজুহাত দি চৰকাৰে উক্ত দিনাৰ পৰা ইণ্টাৰনেট, ম’বাইল ফোন আৰু লেণ্ড লাইন ফোন সেৱা প্রায় বন্ধ কৰি ৰাখিছে। গতিকে অসম তথা ভাৰতৰ চাহ ৰপ্তানিকাৰীসকলে ইৰানী ক্রেতাৰ স’তে যোগাযোগ কৰাত ব্যর্থ হৈছে।
এই অচলাৱস্থা অধিক দিন বর্তি থাকিলে অসমৰ চাহৰ উদ্যোগ ভয়ংকৰ সংকটৰ সম্মুখীন হ’ব লাগিব বুলি আশংকা কৰিছে চাহ ৰপ্তানিকাৰীসকলে। উল্লেখ্য যে সমগ্র দেশৰ ভিতৰত অসমতে উচ্চমানৰ অর্থডক্স চাহ উৎপাদন হয়। ইৰানত এনে চাহৰ চাহিদা প্ৰচুৰ।
আনকি দেশখনত শেহতীয়াভাৱে ভাৰতীয় চাহৰ বিক্ৰীও বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি যোৱা বছৰ ইৰানলৈ ভাৰতে ১০.৬ নিযুত কিলোগ্রাম অর্থাৎ এক কোটিৰো অধিক কিলোগ্রাম চাহ ৰপ্তানি কৰে। ইয়াৰ পৰিমাণ ২০২৪তকৈ ২৮ শতাংশ অধিক।
একেদৰে ৰপ্তানিকৃত চাহৰ মূল্যও বৃহৎ হাৰত বৃদ্ধি পাইছে। ২০২৪ত গড় হিচাপত এনে এক কিলোগ্রাম চাহৰ মূল্য ৩০৪.৫ ডলাৰ হোৱাৰ বিপৰীতে যোৱা বছৰ এনে প্রতি কিলোগ্রাম চাহৰ মূল্য ৩৩৪.৮৪ ডলাৰ হয়। গতিকে ইৰানৰ সাম্প্ৰতিক সংকটে ভাৰত তথা অসমৰ চাহ উদ্যোগৰো প্ৰচুৰ ক্ষতিসাধন কৰাৰ আশংকা প্রবল হৈছে।
এনে আশংকা কৰি এজন আগশাৰীৰ চাহ ৰপ্তানিকাৰীয়ে কয়, ‘বিগত দুদিন ধৰি আমি ইৰানী ক্ৰেতাৰ স’তে যোগাযোগ কৰিব পৰা নাই।ইৰানৰ মূল্যৰ মুক্ত পতন ঘটিছে। পৰিস্থিতি অতিশয় উদ্বেগজনক আৰু অনিশ্চিত।’
ৰপ্তানিকাৰীজনে লগতে জনোৱা মতে, ইৰানৰ ক্রেতাই সৃষ্টি কৰা চাহিদা অনুসৰি অসম বা ভাৰতে অৰ্থ’ডক্স চাহ উৎপাদন কৰে। পাৰস্য উপসাগৰীয় দেশখনত ভাৰতৰ চাহৰ চাহিদা ইমানে বেছি যে সংযুক্ত আৰব আমিৰ শ্বাহিলৈ ভাৰতে ৰপ্তানি কৰা চাহৰ অংশও ইৰানলৈ যায়।
গতিকে দেশখনৰ শেহতীয়া পৰিস্থিতিয়ে কেউদিশৰ পৰা অসমৰ চাহলৈ সংকট আনিছে। উল্লেখ্য যে যোৱা বছৰৰ জানুৱাৰী আৰু নৱেম্বৰৰ মাজৰ সময়ছোৱাত সংযুক্ত আৰব আমিৰ শ্বাহিয়ে ভাৰতৰ পৰা ৪৫ নিযুত কিলোগ্রাম চাহ আমদানি কৰে। পাছত দেশখনে ইয়াৰ সিংহভাগ চাহ ইৰানক বিক্ৰী কৰে। সম্প্ৰতি চাহ ৰপ্তানিকাৰীসকলে আশংকা কৰা অনুসৰি ইৰানৰ ক্ৰেতাৰ পৰা পাবলগীয়া ধন পোৱাত অৰাজক পৰিস্থিতিৰ বাবে পলম হ’ব পাৰে।
এনে অৱস্থাত চাহ উদ্যোগী আৰু ৰপ্তানিকাৰীসকলে ইৰানৰ পৰিস্থিতিত সূক্ষ্ম দৃষ্টি ৰাখিছে। ইৰানী ক্রেতাৰ স’তে যোগাযোগ ৰক্ষা কৰিবলৈ তেওঁলোকে অহৰহ চেষ্টাও অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালভাৱে চাহ উদ্যোগী আৰু ৰপ্তানিকাৰীসকলে ইৰানত শীঘ্ৰে সুস্থিৰতা সৃষ্টি হোৱাৰো কামনা কৰিছে।






























