কলিয়াবৰ : কলিয়বৰৰ শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ চমুৱা বৰনামঘৰত শিশুৰ দ্বাৰা অভিনীত “ৰাম বিজয়” অঙ্কীয়া নাট সোমবাৰে নিশা প্ৰদৰ্শিত হয়। সত্ৰীয় কলা-কৃষ্টিৰ প্ৰতি নৱ-প্ৰজন্মৰ আগ্ৰহ বৃদ্ধিৰ এক যোগাত্মক পদক্ষেপ বুলি সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে। স্থানীয় শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ গুণগ্ৰাহী তথা পাৰদৰ্শী যুৱক শ্বাৱন কুমাৰ মহন্তই শিশুসকলক যোৱা দুমাহ ধৰি অঙ্কীয়া নাটৰ প্ৰশিক্ষণ দি উপযুক্ত কৰি তুলিছিল। শিশুসকলৰ অভিনয়ে উপস্থিত দৰ্শক ৰাইজৰ বিপুল সমাদৰ লাভ কৰে। বৰভকতি গাঁৱৰ উদ্যোগী ব্যক্তি প্ৰয়াত চম্পক বৰাৰ সোঁৱৰতত আয়োজিত দুদিনীয়া এই ভাওনা উৎসৱত শিশুসকলৰ ৰাম বিজয়ৰ উপৰিও জ্যেষ্ঠসকলে আজি “ক্ষেত্ৰবাহু বধ” নাট প্ৰদৰ্শন কৰে।
কলিয়াবৰত শিশুৰ দ্বাৰা অভিনীত শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত “ৰাম বিজয়” অঙ্কীয়া নাট
-
By publisher

- Categories: News, Spirituality
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026