কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু নৱ কুমাৰ শৰণীয়াকে ধৰি তিনিজনৰ মনোনয়ন দাখিল

02 04 19 Kokrajhar Pramila Rani Brahma filling nomination

Bodoland People's Front (BPF) candidate Pramila Rani Brahma filling nomination for Kokrajhar Constituency for coming lok sabha election at Kokrajhar on 02-04-19.Pix by UB Photos

পৃথক বড়ো ৰাজ্যৰ বিৰোধিতা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ হকে কাম কৰিম : নৱ কুমাৰ শৰণীয়া

কোকৰাঝাৰ : তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মই আজি মনোনয়ন পত্ৰ দাখিল কৰে ৷ বিপিএফ দলে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টি পুণৰ উদ্ধাৰৰ বাবে বাছি লৈছে শুভ লগ্ন ৷ পঞ্জীকা অনুসৰি ভাল দিন , ভাল বাৰ , ভাল ক্ষণ আৰু ভাল যোগ অৰ্থাৎ শুভ লগ্নৰ দিনত আজি মনোনয়ন দাখিল কৰে  প্ৰাৰ্থী তথা ব্ৰহ্মই । কোকৰাঝাৰ সদৰ চহৰৰ সমীপৰ গৌৰাং নৈৰ কাষৰ বিশাল পথাৰৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ ঢোলে ডোগৰে আহি জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰমিলা ৰাণী ব্ৰহ্মক সঙ্গ দিয়ে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী , সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে । মনোনয়ন পত্ৰ দাখিলৰ অন্তত প্ৰাৰ্থী ব্ৰহ্মই বিপিএফৰ বিজয় নিশ্চিত বুলি দাবী কৰে । নিৰ্বাচনত জিকাৰ পিছতে সৰ্বপ্ৰথমে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হকে কাম কৰিব বুলি সদৰি কৰে । তেওঁৰ নিকটতম প্ৰতিদ্বণ্দিতা এবছু সমৰ্থিত প্ৰাৰ্থীৰ সতেই হব বুলি কয় । ইপিনে মনোনয়নপত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মক সঙ্গ দিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে পঞ্জিকা অনুসৰি শুভ লগ্নৰ সময়তে ১১-০৬ বজাত বিপিএফে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু কমেও ৩ লাখ ভোটৰ ব্যৱধানত বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্ম জয়ী হব বুলি দাবী কৰে । অগপ বিজেপিৰ সতে মিত্ৰতা আছে যদিও নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে অগপ -বিজেপিৰ পৰা কোনো ষ্টাৰ কেম্পেইনাৰ নালাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি এবছু সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম সৈতে মূল যুঁজ হব বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই আজি কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে । কেইবা সহস্ৰাধিক সমৰ্থকেৰে পৰিবেষ্টিত হৈ ডিমলগাঁওৰ পৰা প্ৰায় ৭/৮ কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি নৱ কুমাৰ শৰণীয়াই মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তত সংবাদমাধ্যমৰ আগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ , অবড়োৰ ভূমিৰ অধিকাৰ আৰু বড়ো -অবড়োৰ সংঘাত ৰাজনৈতিকভাৱে সমাধান কৰিব বুলি মন্তব্য কৰে । তদুপৰি এইবেলিও পূৰ্বৰ দৰেই তেওঁ বিপুল ভোটত জয়ী হব বুলি দাবী কৰি যোগেশ্বৰ কলিতা বিটিএডিৰ মানুহ নহয় বুলি কয় ৷ ইপিনে চিপিআইএমৰ বিৰাজ ডেকায় মনোনয়নপত্ৰ জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত দাখিল কৰে ৷ উল্লেখ্য যে সমষ্টিটোত কাইলৈ  কংগ্ৰেছৰ শব্দ ৰাম ৰাভা আৰু ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মইও নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব ৷

Exit mobile version