কৃষ্ণাই : গোৱালপাৰা জিলাৰ ৰংজুলি আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ ওপৰেৰে আজি দুপৰীয়া পাৰ হৈ গ’ল এজাক ভয়ংকৰ ধুমুহা ৷ আজি দুপৰীয়া প্ৰায় ২ বজাত অহা এই ধুমুহাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে ৷ ধাৰাসাৰ বৰষুণ আৰু প্ৰবল শিলাবৃষ্টিৰ ফলত বিভিন্ন লোকৰ ঘৰ দুৱাৰ,খেতি বাতিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে বহু যান-বাহনো ক্ষতিগ্ৰস্ত হয় ৷ আকস্মিকভাবে সংঘটিত এই প্ৰাকৃতিক পৰিঘটনাৰ ফলত বিশেষকৈ ক্ষতিগ্ৰস্ত হয় টিপলাইৰ খোলেপাৰা,ঘাগ্ৰা আদি অঞ্চল ৷ এই সন্দৰ্ভত টিপলাই খোলেপাৰা নিবাসী শকুন্তলা নাথে জনোৱা মতে,আজিৰ ধুমুহা জাকত বৰষুণতকৈ শিলাবৃষ্টিৰ পৰিমাণ আছিল অতি বেছি ৷ প্ৰায় দুশ-তিনিশ গ্ৰাম ওজনৰ শিলৰ খুন্দাত অঞ্চলটোৰ প্ৰায় সংখ্যক লোকৰ ঘৰৰ চালৰ টিনপাত চালনিৰ দৰে ফুটি যোৱাৰ ফলত গ্ৰাম্য সমাজৰ জনতা যথেষ্ট ক্ষতিৰ সন্মুখীন হয় ৷ বহুতোৰে ঘৰৰ ভিতৰত বৰষুণৰ পানী পৰাৰ ফলত কাপোৰ কানি নষ্ট হোৱাৰ বিপৰীতে ক্ষতিগ্ৰস্ত হয় শস্যক্ষেত্ৰ ৷ পথাৰত এৰাল দিয়া জীৱ জন্তুও আহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ ইফালে গৰুচটকা, ৰংজুলি, ধনুভঙা, শিমলীতোলা আদি অঞ্চলতো এই শিল- বৰষুণৰ ফলত যথেষ্ট ক্ষতিসাধন হয়।
গোৱালপাৰা জিলাৰ টিপলাইত প্ৰচণ্ড শিলাবৃষ্টিঃঘৰ দুৱাৰৰ বিস্তৰ ক্ষতিসাধন
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026