নগাঁও জিলা পৰিষদৰ অন্তৰ্গত বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শান্তিজান অৰ্ধসাপ্তাহিক বজাৰত আজি কিছুদিন ধৰি এটি দুষ্টচক্ৰই অবৈধ ভাৱে দোকান ঘৰ নিৰ্মাণ কৰাৰ লগতে একাংশই অবৈধ ভাৱে মাচুল সংগ্ৰহ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বজাৰ পৰিচালনা সমিতিয়ে। শান্তিজান বজাৰ পৰিচালনা সমিতিয়ে দিয়া এক অভিযোগ অনুসৰি দুষ্টচক্ৰটোৱে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা এক কুটিল ষড়যন্ত্ৰত লিপ্ত হৈ বজাৰখনৰ কেইবাখনো দোকানৰ ভেটি অবৈধভাৱে দখল কৰিছে। যাৰ ফলত বজাৰ পৰিচালনা কৰাত পৰিচালনা সমিতিয়ে সমস্যাৰ সন্মুখীন হৈছে। উল্লেখ্য যে ইতিমধ্যে বজাৰ পৰিচালনা সমিতিয়ে বজাৰখন সুশৃংখলিত আৰু উন্নীতকৰণৰ বাবে প্ৰায় ২ লাখ ৮০ হাজাৰ টকা ব্যয় কৰি ক্ষুদ্ৰ ব্যৱসায়ীক এক সংস্থাপন দিয়াৰ লগতে বজাৰখন শৃংখলাবদ্ধভাৱে গঢ়াৰ যত্ন অব্যাহত ৰাখিছে। কিন্তু দুষ্টচক্ৰটোৱে বজাৰখন উন্নীতকৰণত বাধা দি কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা অভিযোগ পোৱা গৈছে। ছমাহ পূৰ্বে ধিং ৰাজহ চক্ৰ বিষয়াৰ পৰা বজাৰখনৰ ভিতৰত অবৈধ ভাৱে নিৰ্মান কৰা কিছুমান দোকানৰ উচ্চেদৰ জাননী জাৰি কৰিছিল যদিও আজিলৈকে উক্ত দোকান সমূহ উচ্ছেদ নোহোৱাৰ বিষয়টোয়ে ৰহস্যৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ পশ্চিম অঞ্চল বটদ্ৰৱা, ৰাইডঙীয়া, ভোমোৰাগুৰি, ভেটিয়নী, ৰামপুৰ, কদমনি, বাটমাৰী, হাইডুবী, ধনীয়াভেটি, সোনাইবেৰা, লালুং গাঁও, গাখজুৱা, জামুগুৰি, শিমলুআটি আদি প্ৰায় কুৰি খন গাৱঁৰ হিন্দু মুছলমান সকলোৰে সমন্বয় থলী বুলি পৰিগনিত সতী শান্তিৰ নামত প্ৰতিস্থিত শান্তিজান বজাৰৰ অবৈধ দোকান সমূহ উচ্চেদ কৰাৰ লগতে দুষ্টচক্ৰক কঠোৰ হাতেৰে দমন কৰি পুনৰ সুশৃংখল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ, জিলা প্ৰশাসনক দাবী জনাইছে শান্তিজান বজাৰ পৰিচালনা সমিতি, বটদ্ৰৱা প্ৰেছ ক্লাৱকে আদি কৰি কেইবাটাও দল সংগঠনে।
বটদ্ৰৱাৰ শান্তিজান বজাৰত অবৈধ ভাৱে দোকান ঘৰ নিৰ্মাণ
-
By publisher

- Categories: News
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026