নগাঁও জিলা পৰিষদৰ অন্তৰ্গত বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শান্তিজান অৰ্ধসাপ্তাহিক বজাৰত আজি কিছুদিন ধৰি এটি দুষ্টচক্ৰই অবৈধ ভাৱে দোকান ঘৰ নিৰ্মাণ কৰাৰ লগতে একাংশই অবৈধ ভাৱে মাচুল সংগ্ৰহ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বজাৰ পৰিচালনা সমিতিয়ে। শান্তিজান বজাৰ পৰিচালনা সমিতিয়ে দিয়া এক অভিযোগ অনুসৰি দুষ্টচক্ৰটোৱে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা এক কুটিল ষড়যন্ত্ৰত লিপ্ত হৈ বজাৰখনৰ কেইবাখনো দোকানৰ ভেটি অবৈধভাৱে দখল কৰিছে। যাৰ ফলত বজাৰ পৰিচালনা কৰাত পৰিচালনা সমিতিয়ে সমস্যাৰ সন্মুখীন হৈছে। উল্লেখ্য যে ইতিমধ্যে বজাৰ পৰিচালনা সমিতিয়ে বজাৰখন সুশৃংখলিত আৰু উন্নীতকৰণৰ বাবে প্ৰায় ২ লাখ ৮০ হাজাৰ টকা ব্যয় কৰি ক্ষুদ্ৰ ব্যৱসায়ীক এক সংস্থাপন দিয়াৰ লগতে বজাৰখন শৃংখলাবদ্ধভাৱে গঢ়াৰ যত্ন অব্যাহত ৰাখিছে। কিন্তু দুষ্টচক্ৰটোৱে বজাৰখন উন্নীতকৰণত বাধা দি কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা অভিযোগ পোৱা গৈছে। ছমাহ পূৰ্বে ধিং ৰাজহ চক্ৰ বিষয়াৰ পৰা বজাৰখনৰ ভিতৰত অবৈধ ভাৱে নিৰ্মান কৰা কিছুমান দোকানৰ উচ্চেদৰ জাননী জাৰি কৰিছিল যদিও আজিলৈকে উক্ত দোকান সমূহ উচ্ছেদ নোহোৱাৰ বিষয়টোয়ে ৰহস্যৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ পশ্চিম অঞ্চল বটদ্ৰৱা, ৰাইডঙীয়া, ভোমোৰাগুৰি, ভেটিয়নী, ৰামপুৰ, কদমনি, বাটমাৰী, হাইডুবী, ধনীয়াভেটি, সোনাইবেৰা, লালুং গাঁও, গাখজুৱা, জামুগুৰি, শিমলুআটি আদি প্ৰায় কুৰি খন গাৱঁৰ হিন্দু মুছলমান সকলোৰে সমন্বয় থলী বুলি পৰিগনিত সতী শান্তিৰ নামত প্ৰতিস্থিত শান্তিজান বজাৰৰ অবৈধ দোকান সমূহ উচ্চেদ কৰাৰ লগতে দুষ্টচক্ৰক কঠোৰ হাতেৰে দমন কৰি পুনৰ সুশৃংখল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ, জিলা প্ৰশাসনক দাবী জনাইছে শান্তিজান বজাৰ পৰিচালনা সমিতি, বটদ্ৰৱা প্ৰেছ ক্লাৱকে আদি কৰি কেইবাটাও দল সংগঠনে।
বটদ্ৰৱাৰ শান্তিজান বজাৰত অবৈধ ভাৱে দোকান ঘৰ নিৰ্মাণ
-
By publisher

ADVERTISEMENT
- Categories: News
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025