বৰপেটা ৰোড: মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজিৰেপৰা আৰম্ভ হৈছে বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ গণনা ৷ আজি পুৱা উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জত আৰম্ভ কৰা হয় গঁড়ৰ গণনা কাৰ্য ৷ বনৰক্ষীসকলে কেবাটাও ভাগত বিভক্ত হৈ ভূঞাপাৰা ৰেঞ্জৰ বনাঞ্চলত পুৱাৰেপৰা বন বিভাগৰ নটা হাতীৰ জৰিয়তে চলায় এই গঁড় গণনা ৷ উল্লেখযোগ্য যে গঁড়ৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি মানাহতো প্ৰতি বছৰে গঁড়ৰ গণনা সম্পন্ন কৰি অহা হৈছে ৷ ভূঞাপাৰাত গণনা সম্পন্ন হোৱাৰ পাছতে উদ্যানখনৰ আন দুটা ৰেঞ্জ ক্ৰমে বাঁহবাৰী আৰু পানবাৰীতো একেদৰে চলোৱা হ’ব গঁড় গণনা ৷ মানাহৰ বন কতৃপক্ষক গঁড়ৰ এই গণনা কাৰ্যত সহযোগ কৰে ৱৰ্ল্ড ৱাইল্ডলাইফ ফাণ্ড(ডব্লিউ ডব্লিউ এফ), ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (ডব্লিউ টি আই) আৰু আন এক বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে ৷ উল্লেখযোগ্য বিগত ২০০৮ চনৰ পৰাই ইণ্ডিয়ান ৰাইনো ভিজন ২০২০ নামৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান-অভয়াৰণ্যৰ পৰা মানাহলৈ বৰ্তমানলৈ ১৮ টা গঁড় আনি পুনৰ সংস্থাপন কৰা হৈছে ৷ তদুপৰি কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰাও ডব্লিউ টি আইৰ জৰিয়তে উদ্যানখনলৈ বৰ্তমানলৈ অনা হৈছে সোঁতৰটা গঁড়, যাৰ ভিতৰত এই বৰ্ষৰে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত পৃথকে উদ্যানখনত মুকলি কৰি দিয়া হৈছে চাৰিটাকৈ গঁড়ৰ পোৱালি, ইয়াৰোপৰি উদ্যানখনত প্ৰজনন হোৱা গঁড়কে ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান গঁড়ৰ সংখ্যা হৈছে ৩৯ টা ৷ গঁড় গণনাৰ আজি প্ৰথম দিনটোত উদ্যানখনৰ নৱনিযুক্ত ক্ষেত্ৰ সঞ্চালক অমল শৰ্মা, মানাহৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়ো, বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্ম, ভূঞাপাৰা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বন বিষয়া কামেশ্বৰ ব্ৰহ্ম, ডব্লিউ টি আইৰ বিষয়া ভাস্কৰ চৌধুৰী, ধীৰাজ মোহন ভৰালী, ডব্লিউ ডব্লিউ এফৰ বিষয়া সুশান্ত বৰঠাকুৰ, বিউটী নাৰ্জাৰী আদি ব্যক্তিসকল উপস্থিত থাকে ৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনা আৰম্ভ
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026