ঠেলামৰা: চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি আদিকে ধৰি আদিবাসী সকলক জনজাতিকৰণত চৰম প্ৰতাৰনা কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে খনে৷সেই বাবে এই নিৰ্বাচনত বিজেপি দলক আদিবাসী আৰু চাহ শ্ৰমিক ৰাইজে উচিত প্ৰত্যুত্তৰ দিয়াৰ সংকল্প লৈছে৷এই তাৎপৰ্যপূৰ্ণ মন্তব্য সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সভাপতি ষ্টিফান লাক্ৰাৰ৷আজি ঢেকিয়াজুলিত সাংবাদিকৰ আগত এই মন্তব্য কৰি আছাৰ সভাপতি লাক্ৰাই কয়,’যি দলে ধৰ্মৰ নামত ৰাজনীতি কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বিচাৰিছিল আৰু পুনৰ শাসনত আহিলে সেই বিধেয়ক আনিব বুলি কোৱাৰ পিছত বিজেপি সমৰ্থন কৰাৰ প্ৰশ্ন নাহে৷বিজেপি দল হৈছে কংগ্ৰেছৰ দৰেই এটা প্ৰতাৰক দল৷ নৰেন্দ্ৰ মোদীয়ে শাসনলৈ অহাৰ পূৰ্বে ৰাজ্যৰ আদিবাসী তথা চাহ শ্ৰমিক সকলক চাহ ৱালা বুলি কয় যি প্ৰতিশ্ৰুতি দিছিল সেয়া কোনো ধৰনৰ কাৰ্যকৰি নকৰিলে ৷কেবল চাহ শ্ৰমিক সকলক মবাইল ফোন,দুহেজাৰ টকা একাউন্টত দি দ্বায়িত্ব সামৰিলে ‘ ৷ আছাৰ নেতা জনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়,’ আমাক ন্যায় লাগে । আমাক ভূৱা প্ৰতিশ্ৰুতি নালাগে৷ জনজাতিকৰন আমাৰ নায্য দাবী। যিকোনো প্ৰকাৰে আদায় কৰিম ৷ ‘ নেতা জনে মন্ত্ৰী পল্লৱ লোচন দাসৰ বিৰুদ্ধেও কেতবোৰ মন্তব্য কৰে৷’মন্ত্ৰী হৈ থাকোতে পল্লৱ লোচন দাসে চাহ শ্ৰমিকৰ বাবে কি কৰিলে৷শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে চাহ শ্ৰমিকে ৰাজপথলৈ ওলাই আহি আন্দোলন কৰিলে অথচ চাহ শ্ৰমিকা সন্তান হৈয়ো মালিক পক্ষৰে গোপন মিতিৰালি কৰি মজুৰি বৃদ্ধি নকৰি বৃহৎ মুনাফা আদায় কৰিলে’৷আছাৰ উপসভাপতি মেলখাছ তপ্পয়ো সাংবাদিকৰ আগত পল্লৱ লোচনৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে৷আছাৰ নেতাজনে কয়,’শ্ৰমিকৰ কাৰণে তিল মানো উন্নয়ণ নকৰা পল্লৱক কোনো পধ্যেই সমৰ্থন দিয়া নহব৷’ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নামত প্ৰতাৰনা কৰা বিজেপিৰ বিৰুদ্ধে প্ৰতিটো অঞ্চলত তীব্ৰ বিৰোধীতা কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতা দুজনে৷
জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি : প্ৰতাৰনা কৰা বিজেপিক দিয়া হব প্ৰত্যুত্তৰ: হুংকাৰ আছাৰ
-
By publisher
- Categories: Loksabha Election, News
- Tags: BJPPallav Lochan Das
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026